নতুন দিল্লী, ২১ অক্টোবৰ (হি.স.)। বিশ্বৰ মূলধনীজাত বজাৰসমূহে আজি শক্তিশালী হোৱাৰ লক্ষণ দেখুৱাইছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ শক্তিশালীভাৱে বন্ধ হ’বলৈ সক্ষম হৈছিল। আজি ডাউ জ’নছ ফিউচাৰ্ছেও নামমাত্ৰ লাভৰ সৈতে ব্যৱসায় কৰিছে। ইউৰোপৰ বজাৰসমূহো পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত উত্থান হৈয়েই আছিল। একেদৰে এছিয়াৰ বজাৰসমূহতো আজি উৰ্ধমুখী ধাৰা দেখা গৈছে।
পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত আমেৰিকাৰ বজাৰত অবিৰত ক্ৰয়ৰ ফলত ৱাল ষ্ট্ৰীটৰ সূচকাংকত শক্তিশালী বন্ধৰ সৃষ্টি হয়। এছ এণ্ড পি ৫০০ সূচকাংক ১.০৭ শতাংশ বৃদ্ধিৰে ৬,৭৩৫.১৩ পইণ্টত বন্ধ হয়। একেদৰে নাছডাকে ৩১০.৫৭ পইণ্ট বা ১.৩৭ শতাংশ জপিয়াই পূৰ্বৰ অধিবেশনটো ২২,৯৯০.৫৪ পইণ্টত সমাপ্ত কৰে। বৰ্তমান ডাউ জ’নছ ফিউচাৰছৰ মূল্য ৪৬,৭০৯.১১ পইণ্টত, যিটো ০.০১ শতাংশ বৃদ্ধি পাইছে।
ইউৰোপৰ বজাৰসমূহতো পূৰ্বৰ অধিবেশনৰ সময়ছোৱাত ক্ৰয়ৰ ধাৰাবাহিকতা দেখা গৈছিল। এফ টি এছ ই সূচকাংক ০.৫২ শতাংশ বৃদ্ধি পাই ৯,৪০৩.৫৭ত বন্ধ হয়। একেদৰে চিএচি সূচকাংক ০.৩৯ শতাংশ বৃদ্ধি পাই ৮,২০৬.০৭ত বন্ধ হয়। ডিএএক্স সূচকাংকও ৪২৭.৮১ পইণ্ট বা ১.৭৬ শতাংশ বৃদ্ধি পাই ২৪,২৫৮.৮০ পইণ্টত বন্ধ হয়।
ভাৰতত মুহুৰত ব্যৱসায়ৰ শুভ সময়ৰ প্ৰতি লক্ষ্য ৰাখি এছিয়াৰ বজাৰতো আজি ইতিবাচক কাৰ্যকলাপৰ লক্ষণ দেখা গৈছে। এছিয়াৰ ৯খন বজাৰতে আজি সেউজীয়া ৰূপত শক্তিশালী ব্যৱসায় চলি আছে। নিফটি সূচকাংক ২৬,০১৩ পইণ্টত ব্যৱসায় কৰা হৈছে, যিটো ০.৩৫ শতাংশ বৃদ্ধি পাইছে। একেদৰে নিকেই সূচকাংক ৪০৯.৫০ পইণ্ট বা ০.৮৩ শতাংশ বৃদ্ধি পাই ৪৯,৫৯৫ পইণ্টত উপনীত হৈছে।
আজি হাং চেং সূচকাংকত তীব্ৰ জঁপিয়াই পৰিছে। বৰ্তমান এই সূচকাংক ৪৬১.১৭ পইণ্ট বা ১.৭৫ শতাংশ জঁপিয়াই ২৬,৩২০ পইণ্টৰ স্তৰত উপনীত হৈছে। ইফালে, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ১.৩৯ শতাংশ বৃদ্ধিৰে ৪,৩৮৯.০৫ পইণ্টৰ স্তৰত ব্যৱসায় কৰা দেখা গৈছে, আনহাতে চাংহাই কম্পোজিট সূচকাংক ১.২০ শতাংশ জপিয়াই ৩,৯১০.০১৩ পইণ্টৰ স্তৰত উপনীত হৈছে।
একেদৰে জাকাৰ্টা কম্পোজিট সূচকাংকত ৯২.৬৩ পইণ্ট বা ১.১৫ শতাংশ বৃদ্ধিৰে ৮,১৮১.৬১ পইণ্টৰ স্তৰত ব্যৱসায় চলি আছে। আনহাতে টাইৱান ওজনযুক্ত সূচকাংকই ১৭৪.৪৮ পইণ্ট বা ০.৬৩ শতাংশ বৃদ্ধিৰে ২৭,৮৬৩.১১ পইণ্টৰ স্তৰত উপনীত হৈছে। ইয়াৰ উপৰিও কস্পি সূচকাংকই ০.৫২ শতাংশ লাভৰ সৈতে ৩,৮৩৪.৩৯ পইণ্টৰ স্তৰত আৰু ছেট কম্পোজিট সূচকাংক ০.৩৭ শতাংশ জঁপিয়াই ১২৮৯.২০ পইণ্টৰ স্তৰত ব্যৱসায় কৰি আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
