কাৰ্বি আংলং, ০২ জানুৱাৰী (হি স)। বকলীয়াঘাটৰ দুজন কাৰ্বি যুৱ কৃষকে নিজৰ কৰ্মৰাজীৰে চমক সৃষ্টি কৰিছে ৷ বিৰেণছিং টেৰণ আৰু খয়াছিং তিমুং নামৰ দুয়োগৰাকী কৃষকে বকলীয়াঘটৰ নাতি দুৰৈৰ ডুকেংপিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷ বৃস্তীৰ্ণ এলেকাজুৰি সৰিয়হ আৰু আলু খেতিৰে সৃষ্টি কৰিছে এক নয়নাভিৰাম দৃশ্য ৷
এইবেলি ৰবি শস্যৰ বতৰে বকলীয়াঘাটৰ কৃষকক দিছে আশাৰ বতৰা ৷ বৃহত্তৰ বকলীয়াঘাটৰ পথাৰত যেনিয়ে চাব তেনিয়েই এতিয়া সৰিয়হ ফুলৰ হালধীয়া দলিছা ৷ দুই বন্ধু ক্ৰমে বিৰেণছিং টেৰণ আৰু খয়াছিং তিমুঙে লগ লাগি ষাঠি বিঘা মাতিত সৰিয়হ খেতি কৰি চমক সৃষ্টি কৰিছে ৷ ১২ বিঘা মাতিত আলুৰ খেতিৰে উজলি উঠিছে দুয়োজন কাৰ্বি যুৱক ৷ লহপহকৈ বাঢ়ি আহিছে এতিয়া আলুৰ গছবোৰ ৷ কৃষি বিভাগৰ এডিও ৰোখেশ্বৰ তিমুঙে বীজ, সাৰকে ধৰি সহায় সহযোগিতা আগবঢ়াইছে দুয়োকে ৷ এইবাৰ সৰিয়হ খেতিৰে তেওঁলোক লাভৱান হোৱাৰ আশা ৰাখিছে ৷ লগতে কৃষি বিভাগ এতিয়া যুৱকদ্বয়ৰ প্ৰশংসাত পঞ্চমূখ হৈ পৰিছে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
