নতুন দিল্লী, ২৩ ডিচেম্বৰ (হি স)। চুম্বক ওৱেইণ্ডিং তাঁৰ নিৰ্মাতা কোম্পানী কে এছ এইচ ইণ্টাৰনেশ্যনেল লিমিটেডৰ শ্বেয়াৰ ৩৮৪ টকাৰ ইছ্যু মূল্যৰ পৰা প্ৰায় চাৰি শতাংশ হ্ৰাস পাই মঙলবাৰে তালিকাভুক্ত হয়। কোম্পানীটোৰ বজাৰ মূল্য ২৪৩৭.৮৫ কোটি টকা।
বোম্বাই ষ্টক এক্সচেঞ্জ (বিএছই) আৰু নেশ্যনেল ষ্টক এক্সচেঞ্জ (এনএছই) দুয়োটাতে কে এছ এইচ ইণ্টাৰনেশ্যনেল লিমিটেডৰ শ্বেয়াৰ ৩৭০ টকাত তালিকাভুক্ত হৈছিল, যিয়ে ইছ্যু মূল্যৰ তুলনাত ৩.৬৪ শতাংশ হ্ৰাসৰ প্ৰতিনিধিত্ব কৰে। আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত বিএছইত ৭.৫৫ শতাংশ হ্ৰাস পাই ৩৫৫ টকা হয়। এন এছ ইৰ ক্ষেত্ৰত কোম্পানীটোৰ শ্বেয়াৰ ৭.৮১ শতাংশ হ্ৰাস পাই ৩৫৪ টকা হয়।
কে এছ এইচ ইণ্টাৰনেশ্যনেলে ইয়াৰ প্ৰাৰম্ভিক পাব্লিক অফাৰিঙৰ (আই পি অ’) মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ৩৬৫-৩৮৪ ₹ নিৰ্ধাৰণ কৰিছিল। পুনেস্থিত কোম্পানীটোৰ আই পি অ’ত ৪২০ কোটি টকাৰ নতুন ইছ্যু আৰু ২৯০ কোটি টকাৰ অফাৰ ফৰ চেল (অ’এফএছ)ৰ সংমিশ্ৰণ ঘটিছিল।
১৯৭৯ চনত প্ৰতিষ্ঠা হোৱা কে এছ এইচ ইণ্টাৰনেশ্যনেল দেশৰ তৃতীয় বৃহত্তম চুম্বক তাঁৰ নিৰ্মাতা আৰু ৰপ্তানিৰ ক্ষেত্ৰত সৰ্ববৃহৎ। KSH ব্ৰেণ্ডৰ অধীনত ই শক্তি, নবীকৰণযোগ্য শক্তি, ৰেলৱে, অটোমোটিভ, আৰু উদ্যোগৰ দৰে খণ্ডৰ অ’ইএম (Original Equipment Manufacturers)ক সামগ্ৰী যোগান ধৰে। ইয়াৰ উপৰিও আমেৰিকা, জাৰ্মানী, ইউ এ ই, জাপানকে ধৰি ২৪খন দেশলৈ ৰপ্তানি কৰে। মহাৰাষ্ট্ৰৰ তালোজা আৰু চাকনত ইয়াৰ তিনিটা উৎপাদন কেন্দ্ৰ থকাৰ বিপৰীতে অহিল্যানগৰৰ ছুপাত চতুৰ্থটো উদ্যোগ নিৰ্মাণৰ কাম চলি আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
