নতুন দিল্লী ০৮ আগষ্ট (হি.স.)। ৰাজ্যৰ চৰকাৰী খণ্ডৰ বেংক ষ্টেট বেংকে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। ৩০ জুনত সমাপ্ত হোৱা এপ্ৰিল-জুন ত্ৰৈমাসিকত বেংকৰ লাভ ১২ শতাংশ বৃদ্ধি পাই ১৯,১৬০ কোটি টকা হৈছে। যোৱা ২০২৪-২৫ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বেংকটোৰ নিকা লাভৰ পৰিমাণ আছিল ১৭,০৩৫ কোটি টকা।
ষ্টেট বেংকে শুকুৰবাৰে শ্বেয়াৰ বজাৰত জনোৱা মতে, এপ্ৰিল-জুন ত্ৰৈমাসিকতো মুঠ আয় ১,৩৫,৩৪২ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ১,২২,৬৮৮ কোটি টকা আছিল। বেংকটোৰ সুতৰ আয় ১,১৭,৯৯৬ কোটি টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে বিগত বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ১,১১,৫২৬ কোটি টকা।
বেংকৰ তথ্য অনুসৰি বাৰ্ষিক ভিত্তিত ২৬,৪৪৯ কোটি টকাৰ পৰা ৩০,৫৪৪ কোটিলৈও বৃদ্ধি পাইছে পৰিচালনা লাভ। ইয়াৰ লগতে জুন ত্ৰৈমাসিকৰ শেষত গ্ৰাছ নন-পাৰফৰ্মিং এচেটছ (এনপিএ) ১.৮৩ শতাংশলৈ হ্ৰাস পাইছে, যিটো এবছৰৰ পূৰ্বে ২.২১ শতাংশ আছিল। একেদৰে নেট এনপিএ অৰ্থাৎ বেড লোনো বছৰি ০.৫৭ শতাংশৰ পৰা ০.৪৭ শতাংশলৈ হ্ৰাস পাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
