নতুন দিল্লী, ০৪ জুলাই (হি.স.)। দুদিন বৃদ্ধিৰ পিছত ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। সোণৰ মূল্য আজি ৫৫০ টকাৰ পৰা ৬০০ টকাকৈ সস্তা হৈছে। একেদৰে আজি ৰূপৰ মূল্যতো প্ৰতি কেজিত ১০০০ টকাৰ দুৰ্বলতা ৰেকৰ্ড কৰা হৈছে। মূল্য হ্ৰাস পোৱাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৭৩০ টকাৰ পৰা ৯৮,৮৮০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে আজি ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৫০০ টকাৰ পৰা ৯০,৬৫০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। একে সময়তে ৰূপৰ মূল্য দুৰ্বলতাৰ বাবে এই চিকচিকিয়া ধাতু আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ১,১০,০০০ টকাৰ স্তৰত আছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ৯৮,৮৮০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৬৫০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৭৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৫০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৭৮০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯০,৫৫০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৭৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৫০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৭৩০ টকা আৰু ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৫০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৮৮০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬৫০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৮,৭৮০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯০,৫৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৮,৮৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯০,৬৫০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ৯৮,৭৩০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ৯০,৫০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
