নতুন দিল্লী, ১১ জুলাই (হি.স.)। বাণিজ্য শুল্কৰ অনিশ্চয়তা আৰু ভাৰতীয় শ্বেয়াৰ বজাৰত বিদেশী বিনিয়োগকাৰীৰ গধুৰ বিক্ৰীৰ বাবে আজি ভাৰতীয় মুদ্ৰাৰ মূল্য আমেৰিকান ডলাৰৰ বিপৰীতে হ্ৰাস পায়। আজি ডলাৰৰ বিপৰীতে ১৫ পইচা দুৰ্বলতাৰে টকা ৮৫.৭৯ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে যোৱা ব্যৱসায়িক দিন বৃহস্পতিবাৰে ভাৰতীয় মুদ্ৰাৰ মূল্য প্ৰতি ডলাৰত ৮৫.৬৪ টকাত বন্ধ হয়। দুৰ্বলতাৰে আজিৰ ব্যৱসায় আৰম্ভ হ’ল টকাৰ।
আন্তঃবেংকৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মাৰ্কিন ডলাৰৰ বিপৰীতে ১২ পইচা দুৰ্বলতাৰে ৮৫.৭৬ টকাত ব্যৱসায় আৰম্ভ হয়। দিনটোৰ ব্যৱসায়ৰ সময়ত কিছুদিনৰ বাবে ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে টকাৰ মূল্য ২৭ পইচা হ্ৰাস পাই ৮৫.৯১ পইচা হয় যদিও ইয়াৰ পিছত ডলাৰৰ প্ৰবাহ বৃদ্ধিৰ বাবে টকাৰ মূল্য ৮৫.৭৮লৈ উন্নত হয়। শেষত পূৰ্বৰ বন্ধৰ তুলনাত ১৫ পইচা হ্ৰাস পাই টকাৰ মূল্য ৮৫.৭৯ (অস্থায়ী)ত বন্ধ হয়।
ডলাৰৰ বাহিৰে আন প্ৰায়বোৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ টকাই শক্তি প্ৰদৰ্শন কৰে। আজিৰ ব্যৱসায়ৰ অন্তত ব্ৰিটিছ পাউণ্ডৰ বিপৰীতে টকাৰ মূল্য ৩০ পইচা শক্তিশালী হৈ ১১৬.২৫ৰ স্তৰত উপনীত হয়। একেদৰে ইউৰোৰ বিপৰীতে আজি ১৮ পইচা শক্তিৰে ১০০.২৯ৰ স্তৰত উপনীত হ’বলৈ সক্ষম হয় টকা।
বজাৰ বিশেষজ্ঞসকলে কয় যে বিশ্ব বজাৰত দুৰ্বল বিশ্ব সংকেত আৰু আমেৰিকাৰ শুল্ক নীতিৰ ফলত সৃষ্টি হোৱা অনিশ্চয়তাৰ বাবে মুদ্ৰা বজাৰতো সতৰ্কতাৰে ব্যৱসায় চলি আছে। ব্ৰাজিল আৰু কানাডাৰ ওপৰত আমেৰিকাই শুল্ক বৃদ্ধি কৰাৰ বাবে এই অনিশ্চয়তা আৰু বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ডলাৰ সূচকাংকৰ উন্নতি হ’বলৈ আৰম্ভ কৰিছে, যাৰ বাবে উদীয়মান অৰ্থনীতিৰ মুদ্ৰাৰ ওপৰত হেঁচা বৃদ্ধি পাইছে।
খুৰানা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবি চন্দৰ খুৰানাই কয় যে বিশ্ব বাণিজ্যিক উত্তেজনাৰ বাবে সকলোতে বিক্ৰীৰ চাপ বৃদ্ধি পাইছে, যাৰ বাবে আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰতো ডলাৰৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আগন্তুক দিনত ডলাৰৰ তুলনাত টকাৰ মূল্য অলপ বেছি হ্ৰাস পাব পাৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
