নতুন দিল্লী, ২৮ নৱেম্বৰ (হি.স.)। দ্বিতীয় ত্ৰৈমাসিকত (জুলাই-ছেপ্টেম্বৰ) দেশৰ অৰ্থনীতি ৮.২ শতাংশ হাৰত বৃদ্ধি পাইছে, যিটো যোৱা ছয় ত্ৰৈমাসিকৰ সৰ্বাধিক দ্ৰুত বৃদ্ধি। চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত (এপ্ৰিল-জুন) এই বৃদ্ধিৰ হাৰ আছিল ৭.৮ শতাংশ।
শুকুৰবাৰে ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতি দি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে কয় যে চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ দ্বিতীয় ত্ৰৈমাসিকত (জুলাই-ছেপ্টেম্বৰ) দেশৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) ৮.২ শতাংশ হাৰত বৃদ্ধি পাইছে, যিটো যোৱা ছয় ত্ৰৈমাসিকত সৰ্বাধিক। প্ৰথম ত্ৰৈমাসিকত ৭.৮ শতাংশ হোৱাৰ বিপৰীতে পূৰ্বৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ একেটা ত্ৰৈমাসিকত ৫.৬ শতাংশ।
এন এছ অ’ৰ তথ্য অনুসৰি একেৰাহে তৃতীয় ত্ৰৈমাসিকৰ বাবে ভাৰতীয় অৰ্থনীতিয়ে শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে। ইয়াৰ বৃদ্ধি ৮.২ শতাংশ হাৰত, যিটো ছয় ত্ৰৈমাসিকৰ সৰ্বোচ্চ, পূৰ্বৰ ত্ৰৈমাসিকত ৭.৮ শতাংশ আছিল। তথ্য অনুসৰি দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ (জিডিপি) ১৪ শতাংশ অংশ গ্ৰহণ কৰা উৎপাদন ক্ষেত্ৰখন দ্বিতীয় ত্ৰৈমাসিকত ৯.১ শতাংশ বৃদ্ধি পাইছে, যিটো পূৰ্বৰ বিত্তীয় বৰ্ষ ২০২৪-২৫ৰ একেটা ত্ৰৈমাসিকত ২.২ শতাংশ বৃদ্ধি পাইছে। দেশৰ জিডিপিত উৎপাদন খণ্ডই প্ৰায় ১৪ শতাংশ অৰিহণা যোগায়।
ইফালে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত এপ্ৰিলৰ পৰা অক্টোবৰৰ ভিতৰত ভাৰতৰ বিত্তীয় ঘাটি ₹৮.২৫ লাখ কোটি। ইয়াৰ দ্বাৰা বাৰ্ষিক অনুমানৰ ৫২.৬ শতাংশ। এই বিত্তীয় ঘাটি যোৱা বছৰৰ ৪৬.৫ শতাংশতকৈ অধিক। চৰকাৰে এই বিত্তীয় বৰ্ষত জিডিপিৰ ৪.৪ শতাংশলৈ হ্ৰাস কৰাৰ লক্ষ্য লৈছে, যিটো এবছৰৰ পূৰ্বে ৪.৮ শতাংশ আছিল।
অৰ্থনৈতিক বিশেষজ্ঞসকলে কয় যে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰ হ্ৰাস পোৱা আৰু গ্ৰাহকৰ চাহিদা বৃদ্ধিৰ বাবে কাৰখানাসমূহে উৎপাদন বৃদ্ধি কৰিছে, যাৰ ফলত সামগ্ৰিক বৃদ্ধিৰ হাৰ ত্বৰান্বিত হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
