চেন্নাই/নতুন দিল্লী, ০৪ ডিছেম্বৰ (হি.স.)। মিচং ঘূৰ্ণীবতাহৰ বাবে চেন্নাইত ধাৰাসাৰ বৰষুণ হ’ব ধৰিছে। ইয়াৰ বাবেই চেন্নাই বিমানবন্দৰৰ ৰাণৱে পানীৰে উপচি পৰিছে। ইয়াৰ ফলত বিমানবন্দৰত বিমান চলাচলত প্ৰভাৱ পৰিছে। বিমানবন্দৰৰ পৰা নিশা ১১ বজালৈ বিমান সেৱা বাতিল কৰাৰ বিপৰীতে কিছু বিমানৰ পথ পৰিৱৰ্তন কৰা হৈছে।
সোমবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, ঘূৰ্ণীবতাহ ধুমুহা ‘মিচং’ৰ ফলত প্ৰচণ্ড বৰষুণ হৈছে। চেন্নাই বিমানবন্দৰৰ ৰাণৱেত পানী জমা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত চেন্নাই বিমানবন্দৰে পুৱা ৯.১৭ বজাৰ পৰা নিশা ১১ বজালৈ আকাশমাৰ্গ বন্ধ কৰি দিছে। চেন্নাই বিমানবন্দৰৰ পৰা প্ৰায় ১১খন বিমান কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ (কেআইএ) সলনি কৰা হৈছে।
আনহাতে, বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বিষয়াসকলে নিশ্চিত কৰিছে যে চেন্নাইত অৱতৰণ কৰা ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানসমূহ কেআইএলৈ ডাইভাৰ্ট কৰা হৈছে। বিমানবন্দৰৰ বিষয়াসকলৰ মতে, ইণ্ডিগো, স্পাইচজেট, ইতিহাদ, গালফ এয়াৰ, ফ্লাই ডুবাই, এয়াৰ ইণ্ডিয়া, লুফথানছা আৰু ব্ৰিটিছ এয়াৰৱেজৰ বিমান সেৱা চেন্নাইৰ পৰা বেংগালুৰুলৈ ডাইভাৰ্ট কৰা হৈছে। ইয়াৰে ১০খন ডাইভাৰ্ট কৰা বিমান ইতিমধ্যে কেআইএত অৱতৰণ কৰাৰ বিপৰীতে আৰু এখন বিমান আহি আছে।
উল্লেখযোগ্য যে ২০১৫ চনৰ ভিতৰত তামিলনাডুৰ ৰাজধানী চেন্নাইত হোৱা বানপানীৰ বাবে কমেও চাৰিদিন বিমানবন্দৰটো বন্ধ থাকিব লগা হৈছিল। বেংগালুৰু চহৰৰ বাহিৰত ৪০ কিলোমিটাৰ দূৰত্বত দেৱনাহল্লীত অৱস্থিত কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এই বিমানবন্দৰ ৪ হাজাৰ একৰ মাটিত বিস্তৃত হৈ আছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ
