দৰং, ১০ আগষ্ট (হি.স.)। বহি: ৰাজ্যৰ সমান্তৰালভাৱে এইবাৰ চুবুৰীয়া দেশ ভুটানলৈ ৰপ্তানি হ’ব অসমৰ অমিতা।ছিপাঝাৰৰ তুৰাই গাঁৱৰ উচ্চশিক্ষিত যুৱক আৰজেদ হুছেইন চহৰীয়াই তেওঁৰ উৎপাদিত অমিতা ভূটানলৈ ৰপ্তানিৰ যো-জা চলাইছে।
উল্লেখযোগ্য যে আৰজেদ হুছেইন চহৰীয়াই ৫ বিঘাতকৈ অধিক ভূমিত কৰিছিল উন্নত জাতৰ অমিতাৰ খেতি।
সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰম্ভ কৰা এই অমিতাৰ খেতিৰ ফচল এতিয়া অধিক মাত্ৰাত বৃদ্ধি পাইছে। পশ্চিম বংগৰ পৰা সংগ্ৰহ কৰা বীজ ৰোপন কৰি অধিক লাভৱান হোৱাৰ আশা প্ৰকাশ কৰিছে যুৱকজনে। যাৰ বাবে চুবুৰীয়া দেশ ভূটানৰ বিশেষ এটা প্ৰতিষ্ঠানৰ সৈতে এই অমিতা ৰপ্তানি কৰাৰ বাবে যোগাযোগ স্থাপন কৰিছে যুৱকজনে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
