-দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ২.৭৬ বিলিয়ন ডলাৰ জপিয়াই ৬২৩.২ বিলিয়ন ডলাৰ
মুম্বাই/নতুন দিল্লী, ০৬ জানুৱাৰী (হি.স.)। একেৰাহে সপ্তম সপ্তাহৰ বাবে বৃদ্ধি পাইছে বৈদেশিক মুদ্ৰাৰ মজুতৰ পৰিমাণ। ২৯ ডিছেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ২.৭৬০ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬২৩.২০ বিলিয়ন ডলাৰ হয়। ইয়াৰ আগৰ সপ্তাহত দেশৰ মুঠ বৈদেশিক মুদ্ৰাৰ মজুত ৪.৪৭১ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬২০.৪৪১ বিলিয়ন ডলাৰ হৈছিল।
ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ২৯ ডিছেম্বৰত সমাপ্ত হোৱা সপ্তাহটোত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত ২.৭৬০ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৬২৩.২০ বিলিয়ন ডলাৰ হৈছে। একেৰাহে সপ্তম সপ্তাহৰ বাবে বৈদেশিক মুদ্ৰাৰ মজুত জঁপিয়াই ২২ মাহৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে।
তথ্য অনুসৰি এই সময়ছোৱাত বৈদেশিক মুদ্ৰাৰ মজুতৰ মূল উপাদান বিদেশী মুদ্ৰাৰ সম্পত্তি ১.৮৭ বিলিয়ন ডলাৰ বৃদ্ধি পাই ৫৫১.৬১ বিলিয়ন ডলাৰ হৈছে। একেদৰে সোণৰ মজুতৰ মূল্য ৮৫৩ মিলিয়ন ডলাৰ জপিয়াই ৪৮.৩৩ বিলিয়ন ডলাৰ হয়। একে সময়তে বিশেষ আহৰণ অধিকাৰ (এছডিআৰ) ৩৮ মিলিয়ন ডলাৰ বৃদ্ধি পাই ১৮.৩৬ বিলিয়ন ডলাৰ হৈছে। কিন্তু এই সময়ছোৱাত দেশৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ)ত ৰখা মুদ্ৰাৰ মজুত ২০ লাখ ডলাৰ হ্ৰাস পাই ৪.৮৯ বিলিয়ন ডলাৰ হৈছে।
মন কৰিবলগীয়া যে ২০২১ চনৰ অক্টোবৰ মাহত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ সৰ্বোচ্চ ৬৪৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ
