নতুন দিল্লী, ২১ আগষ্ট (হি.স.)। খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ডলাৰ সূচকাংক শক্তিশালী হোৱাৰ প্ৰভাৱ আজি ভাৰতৰ মুদ্ৰা বজাৰত স্পষ্টভাৱে দেখা গ’ল। এই দুয়োটা কাৰণতে আজি মুদ্ৰাৰ বজাৰত এক নেতিবাচক পৰিৱেশৰ সৃষ্টি হ’ল। ইয়াৰ সমান্তৰালকৈ মুদ্ৰা বজাৰত ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে আজি একেৰাহে দ্বিতীয় দিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য দুৰ্বল হৈ বন্ধ হৈ পৰে।
ভাৰতীয় মুদ্ৰা আজি ডলাৰৰ বিপৰীতে ১৮ পইচা হ্ৰাস পাই ৮৭.২৬ (অস্থায়ী)ত বন্ধ হয়। ইয়াৰ পূৰ্বে বুধবাৰৰ দিনটোত ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৭.০৮ টকা প্ৰতি ডলাৰত বন্ধ হয়। শক্তিৰে আৰম্ভ হ’ল টকাৰ আজিৰ ব্যৱসায়। আন্তঃবেংক বৈদেশিক মুদ্ৰাৰ বজাৰত আজি পুৱা ৮৭.০৩ টকাত ডলাৰৰ বিপৰীতে ৫ পইচা বৃদ্ধিৰে ভাৰতীয় মুদ্ৰাৰ ব্যৱসায় আৰম্ভ হয়। আজিৰ ব্যৱসায় আৰম্ভ হোৱাৰ পাছত ১৬ পইচা বৃদ্ধি পাই ৮৬.৯২ৰ স্তৰত উপনীত হয় যদিও ইয়াৰ পিছত ডলাৰৰ চাহিদা বৃদ্ধিৰ বাবে বজাৰত ঋণাত্মক পৰিবেশৰ সৃষ্টি হয়। ডলাৰৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে উচ্চ স্তৰৰ পৰা টকা ৩৫ পইচা হ্ৰাস পাই ১৯ পইচা দুৰ্বলতাৰে ৮৭.২৭ৰ স্তৰত উপনীত হয়। অৱশেষত দিনটোৰ ব্যৱসায়ৰ অন্তত ডলাৰৰ বিপৰীতে ১৮ পইচা হ্ৰাস পাই আজিৰ ৮৭.২৬ স্তৰত টকাৰ ব্যৱসায় সমাপ্ত হয়।
আজিৰ মুদ্ৰা বজাৰৰ ব্যৱসায়ত ডলাৰৰ বিপৰীতে টকাই দুৰ্বল প্ৰদৰ্শন কৰাই নহয়, ভাৰতীয় মুদ্ৰাইও আন বেছিভাগ প্ৰধান আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ বিপৰীতে দুৰ্বলতা দেখুৱাইছে। আজিৰ ব্যৱসায়ৰ অন্তত ব্ৰিটিছ পাউণ্ড (জিবিপি)ৰ বিপৰীতে ৪ পইচা সামান্য হ্ৰাস পাই টকাৰ মূল্য ১১৭.৬০ (অস্থায়ী) স্তৰত উপনীত হয়। একেদৰে আজি টকাৰ মূল্য ইউৰোৰ বিপৰীতে ৩১ পইচা দুৰ্বল হৈ ১০১.৭০ (অস্থায়ী) স্তৰত উপনীত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
