চেন্নাই/নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। একেৰাহে দ্বিতীয় দিনৰ বাবে আয়কৰ বিভাগে তামিলনাডুৰ কাৰুৰৰ তিনিটা স্থানত অভিযান চলাইছে। বিভাগীয় দলটোৱে কাৰুৰৰ ডি এম কেৰ প্ৰাক্তন সম্পাদক বাসুকী মুৰুগেছনৰ ভগ্নী পদ্মাৰ বাসগৃহত তালাচী চলাই আছে।
ইয়াৰ সমান্তৰালকৈ গান্ধীপুৰমৰ বিত্তীয় বিষয়া সুৰেশৰ কাৰ্যালয় আৰু কেভিপি নগৰত থকা তেওঁৰ বাসগৃহতো আয়কৰৰ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে শুকুৰবাৰে আয়কৰ বিভাগে তামিলনাডু ঘাইপথ আৰু গড়কাপ্তানি বিভাগৰ মন্ত্ৰী ই ভি ভেলুৰ সৈতে জড়িত ৪০টা স্থানত অভিযান চলাইছিল।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
