• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > এই সপ্তাহত প্ৰাথমিক বজাৰত মুকলি হ’ব ১০টা আই পি অ’, তালিকাভুক্ত হ’ব ৩টা শ্বেয়াৰ
Business

এই সপ্তাহত প্ৰাথমিক বজাৰত মুকলি হ’ব ১০টা আই পি অ’, তালিকাভুক্ত হ’ব ৩টা শ্বেয়াৰ

CliQ INDIA
Last updated: July 20, 2025 7:45 pm
CliQ INDIA
Share
6 Min Read
SHARE

নতুন দিল্লী, ২০ জুলাই (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হোৱা ব্যৱসায়িক সপ্তাহত প্ৰাথমিক বজাৰত যথেষ্ট ক্ৰিয়া-কলাপ হ’ব। এই সপ্তাহত ১০টা কোম্পানীয়ে মুকলি কৰিবলৈ ওলাইছে আই পি অ’। ইয়াৰে ৫টা আই পি অ’ মেইনব’ৰ্ড ছেগমেণ্টৰ, বাকী ৫টা আই পি অ’ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। ইয়াৰ উপৰিও অহা সপ্তাহত তিনিটা কোম্পানীৰ শ্বেয়াৰে ষ্টক মাৰ্কেটত তালিকাভুক্তিৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিবলৈ ওলাইছে।

সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন ২১ জুলাইত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব সাভি ইনফ্ৰাৰ ৬৯.৯৮ কোটি টকাৰ আই পি অ’। এই আই পি অ’ত ২৩ জুলাইলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত ১১৪ টকাৰ পৰা ১২০ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১২০০ টা শ্বেয়াৰ। ২৪ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন কৰা হ’ব।ইয়াৰ পিছত ২৮ জুলাইত এন এছ ইৰ এছ এম ই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব।

সেইদিনা স্বস্তিকা দুৰ্গৰ ১৪.০৭ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৩ জুলাইলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতি শ্বেয়াৰৰ মূল্য ৬৫ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ২০০০ শ্বেয়াৰ। ২৪ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন কৰা হ’ব।ইয়াৰ পিছত ২৮ জুলাইত বিএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব।

খোদ সোমবাৰে প্ৰপশ্বেয়াৰ টাইটানিয়াৰ ৪৭৩ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৫ জুলাইলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ অধীনত প্ৰতি ইউনিটত মূল্যৰ বেণ্ড ১০ লাখৰ পৰা ১০.৬০ লাখ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১ ইউনিট। এই বিনিয়োগ ট্ৰাষ্টৰ তালিকা ৪ আগষ্টত বিএছইত হ’ব।

সপ্তাহটোৰ দ্বিতীয়টো ব্যৱসায়িক দিন ২২ জুলাইত মনাৰ্ক চাৰ্ভেয়ৰ্ছৰ ৯৩.৭৫ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৪ জুলাইলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত মূল্যৰ বেণ্ড ২৩৭ টকাৰ পৰা ২৫০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৬০০ শ্বেয়াৰ। ২৫ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন দিয়া হ’ব। ইয়াৰ পিছত ২৯ জুলাইত বিএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব।

পিছদিনা ২৩ জুলাইত জিএনজি ইলেক্ট্ৰনিকছৰ ৪৬০.৪৩ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৫ জুলাইলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত মূল্যৰ বেণ্ড ২২৫ টকাৰ পৰা ২৩৭ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৬৩ টা শ্বেয়াৰ। ২৮ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন দিয়া হ’ব।ইয়াৰ পিছত ৩০ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব।

সেইদিনা ইণ্ডিকিউব স্পেচেছৰ ৭০০ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৫ জুলাইলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত ২২৫ টকাৰ পৰা ২৩৭ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ইয়াৰ লটৰ আকাৰো ৬৩ টা শ্বেয়াৰ। ২৮ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন দিয়া হ’ব।ইয়াৰ পিছত ৩০ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব।

এই দুটা আই পি অ’ৰ উপৰিও টি এছ চি ইণ্ডিয়াৰ ২৫.৮৯ কোটি টকাৰ আই পি অ’ও একেদিনাই চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৫ জুলাইলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত ৬৮ টকাৰ পৰা ৭০ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে, আনহাতে ইয়াৰ লটৰ আকাৰ ২০০০ শ্বেয়াৰ। ২৮ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন কৰা হ’ব।ইয়াৰ পিছত ৩০ জুলাইত এনএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব।

সপ্তাহটোৰ চতুৰ্থ ব্যৱসায়িক দিন ২৪ জুলাইত ব্ৰিগেড হোটেল ভেঞ্চাৰছৰ ৭৫৯.৬০ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৮ জুলাইলৈকে নিবিদা কৰিব পাৰিব। আই পি অ’ৰ মূল্য বেণ্ড আৰু লটৰ আকাৰ এতিয়াও চূড়ান্ত হোৱা নাই। ২৯ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন দিয়া হ’ব।ইয়াৰ পিছত ৩১ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব।

সপ্তাহটোৰ শেষ ব্যৱসায়িক দিন ২৫ জুলাইত চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব শান্তি গোল্ড ইণ্টাৰনেশ্যনেলৰ আই পি অ’। এই আই পি অ’ৰ অধীনত ১.৮১ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হ’ব। এই আই পি অ’ত ২৯ জুলাইলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ মূল্য বেণ্ড আৰু লটৰ আকাৰ এতিয়াও চূড়ান্ত হোৱা নাই। ৩০ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন দিয়া হ’ব। ইয়াৰ পিছত ১ আগষ্টত কোম্পানীটোৰ শ্বেয়াৰ বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব।

একেদিনাই পেটেল কেম স্পেচিয়েলিটিজৰ ৫৮.৮০ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ত ২৯ জুলাইলৈকে নিবিদা কৰিব পাৰিব।আই পি অ’ৰ অধীনত মূল্যৰ বেণ্ড ৮২ টকাৰ পৰা ৮৪ টকালৈ নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১৬০০ শ্বেয়াৰ। ৩০ জুলাইত কোম্পানীটোৰ শ্বেয়াৰ আবণ্টন দিয়া হ’ব।ইয়াৰ পিছত ১ আগষ্টত বিএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব।

ষ্টক মাৰ্কেটত তালিকাভুক্ত হোৱাৰ জৰিয়তে কাম আৰম্ভ কৰাৰ কথা ক’বলৈ গ’লে এন্থেম বায়’ছায়েন্সেছৰ শ্বেয়াৰসমূহ সপ্তাহটোৰ প্ৰথমটো ব্যৱসায়িক দিন ২১ জুলাইত বিএছই আৰু এনএছইত তালিকাভুক্ত কৰা হ’ব। একেদিনাই স্পানৱেব ননৱ’ভেনৰ শ্বেয়াৰ এন এছ ইৰ এছ এম ই প্লেটফৰ্মত তালিকাভুক্ত কৰা হ’ব। ইয়াৰ পিছত ২৩ জুলাইত মনিকা আলকোবেভৰ শ্বেয়াৰসমূহে বিএছইৰ এছএমই প্লেটফৰ্মত তালিকাভুক্ত কৰাৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আইভেলিউ ইনফো চ’লিউচনছ আইপিঅ’ বিনিয়োগকাৰী হতাশ, দুৰ্বল তালিকাভূক্তৰ পিছত বিক্ৰীৰ চাপ
শ্বেয়াৰ বজাৰ সামান্য লাভৰ সৈতে সেউজীয়াত বন্ধ, চেন্সেক্স ১১১ পইণ্ট উত্থান
বিশ্বব্যাপী বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াৰ বজাৰত মিশ্ৰিত ব্যৱসায়
আৰ্বান কোম্পানীৰ ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, লাভত আই পি অ’ বিনিয়োগকাৰী
ষ্টক মাৰ্কেটত সামান্য বৃদ্ধি, চেন্সেক্স আৰু নিফটি উত্থান

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কাছাৰ জিলাৰ ধলাইত ৬.২২ কোটি টকাৰ হেৰ’ইনসহ আটক মণিপুৰ দম্পতী
Next Article প্ৰাক্তন ৰাষ্ট্ৰপতিক দলৰ সদস্যপদ দিয়াৰ চূড়ান্ত কৰ্তৃত্ব অলিৰ হাতত অৰ্পণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?