নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰৰ হ্ৰাসৰ ধাৰা অব্যাহত আছে। আজি সোণৰ মূল্য ৫৫০ টকাৰ পৰা ৬০০ টকা প্ৰতি ১০ গ্ৰামত সস্তা হৈছে। আনহাতে, আজি প্ৰতি কেজি ৰূপৰ মূল্য ২০০০ টকাকৈ দুৰ্বল হৈ পৰিছে। মূল্য হ্ৰাসৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০০,১৫০ টকাৰ পৰা ১,০০,৩০০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাৰ পৰা ৯১,৯৫০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰেই ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজি ১,১৫,১০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,০০,৩০০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৯৫০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,১৫০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,২০০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৮৫০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০০,১৫০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০০,১৫০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯১,৮০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,৩০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৯৫০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,২০০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৮৫০ টকাৰ স্তৰত বিক্ৰী হৈছে। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,৩০০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৯৫০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ১,০০,১৫০ টকাৰ দৰত ২৪ কেৰেট সোণৰ ব্যৱসায় হৈছে। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
