নতুন দিল্লী, ২৫ আগষ্ট (হি.স.)। আজি ঘৰুৱা অলংকাৰ বজাৰত সোণৰ মূল্য সামান্য হ্ৰাস পোৱা গৈছে। প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ১০০ টকাৰ পৰা ১১০ টকালৈ দুৰ্বল হৈ পৰিছে। ইয়াৰ বিপৰীতে ৰূপ আজি প্ৰতি কেজিত ১০০০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। মূল্য হ্ৰাস পোৱাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০১,৫৬০ টকাৰ পৰা ১,০১,৬৬০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯৩,১০০ টকাৰ পৰা ৯৩,২০০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। আনহাতে, ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কেজিত ১,২১,০০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,০১,৬৬০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,২০০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০১,৫৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,১০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য ১,০১,৬১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯৩,১৫০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০১,৫৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,১০০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০১,৫৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯৩,১০০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০১,৬৬০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৩,২০০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ১,০১,৬১০ টকা প্ৰতি ১০ গ্ৰাম, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৩,১৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০১,৬৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,২০০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য হ্ৰাস পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেটৰ সোণৰ মূল্য ১,০১,৫৬০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৩,১০০ টকাত বিক্ৰী কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
