নতুন দিল্লী, ০৮ আগষ্ট (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজি একেৰাহে চতুৰ্থ দিনৰ বাবে উত্থানৰ ধাৰা (বুলিছ ট্ৰেণ্ড) দেখা গৈছে। আজি প্ৰতি ১০ গ্ৰামত সোণৰ মূল্য ২০০ টকাৰ পৰা ২২০ টকাকৈ বৃদ্ধি পাইছে। সোণৰ দৰে আজিও প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য ১০০০ টকা বৃদ্ধি পাইছে। মূল্যবৃদ্ধিৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৫৬০ টকাৰ পৰা ১,০২,৭১০ টকা প্ৰতি ১০ গ্ৰামত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯৪,০১০ টকাৰ পৰা ৯৪,১৬০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। ৰূপৰ মূল্য বৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,১৭,১০০ টকাৰ মাত্ৰাত বিক্ৰী কৰা হৈছে।
আজি দিল্লীত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৭১০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪,১৬০ টকা। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৫৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৪,০১০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০২,৬১০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯৪,০৬০ টকা। এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০২,৫৬০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৪,০১০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য ১,০২,৫৬০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেটৰ সোণৰ মূল্য ৯৪,০১০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৭১০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৪,১৬০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৬১০ টকা প্ৰতি ১০ গ্ৰাম, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯৪,০৬০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০২,৭১০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৪,১৬০ টকাত বিক্ৰী হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ দাম ব্যয়বহুল হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ১,০২,৫৬০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯৪,০১০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
