নতুন দিল্লী, ০৩ নৱেম্বৰ (হি.স.)। অক্টোবৰ মাহত দেশত কয়লাৰ উৎপাদন ১৮.৫৯ শতাংশ বৃদ্ধি পাই ৭.৮৬ কোটি টন হৈছে। বিগত বৰ্ষৰ একে সময়ছোৱাত কয়লা উৎপাদন আছিল ৬.৬৩ কোটি টন।
কয়লা মন্ত্ৰালয়ে শুকুৰবাৰে এক বিবৃতিত কয় যে অক্টোবৰ মাহত কয়লাৰ উৎপাদন ১৮.৫৯ শতাংশ বৃদ্ধি পাই ৭.৮৬ কোটি টন হৈছে। বিগত বৰ্ষৰ একে সময়ছোৱাত কয়লা উৎপাদন ৬.৬৩ কোটি টন। ৰাজহুৱা খণ্ডৰ কোম্পানী কয়লা ইণ্ডিয়া লিমিটেড (চিআইএল)ৰ কয়লা উৎপাদন অক্টোবৰ মাহত ১৫.৩৬ শতাংশ বৃদ্ধি পাই ৬.১০ কোটি টন হয়, আনহাতে যোৱা বছৰৰ একে সময়ছোৱাত ৫.২৯ কোটি টন হৈছিল।
চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ত এপ্ৰিল-অক্টোবৰ মাহত কয়লাৰ উৎপাদন ৫০.৭০ কোটি টনলৈ বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বে বিগত বিত্তীয় বৰ্ষ ২০২২-২৩ৰ একে সময়ছোৱাত ৪৪.৮৪ কোটি টন আছিল। অক্টোবৰ মাহত কয়লাৰ যোগান ৭.৯৩ কোটি টনলৈ বৃদ্ধি পাইছে, যিটো বিগত বছৰৰ একে সময়ছোৱাত ৬.৭১ কোটি টন আছিল। উল্লেখযোগ্য যে ঘৰুৱা কয়লা উৎপাদনত চিআইএলে ৮০ শতাংশতকৈ অধিক অৰিহণা যোগায়।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰৱিন্দ
