নতুন দিল্লী, ০১ নৱেম্বৰ (হি.স.)। দীপাৱলীৰ পূৰ্বে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ৰাজহ সংগ্ৰহৰে ভৰি পৰিছে চৰকাৰৰ কোষাগাৰ। অক্টোবৰ মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ ১.৭২ লাখ কোটি টকা। ছেপ্টেম্বৰ মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ আছিল ১.৬৩ লাখ কোটি টকা। বাৰ্ষিক ভিত্তিত ১৩ শতাংশ বৃদ্ধি লিপিবদ্ধ কৰা হৈছে।
বুধবাৰে বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে অক্টোবৰ মাহত জি এছ টিৰ ৰাজহ সংগ্ৰহ বাৰ্ষিক ভিত্তিত ১৩ শতাংশ জপিয়াই ১.৭২ লাখ কোটি টকা হৈছে। বিগত মাহত জি এছ টি সংগ্ৰহ আছিল ১.৬৩ লাখ কোটি টকা। জি এছ টি ৰাজহ সংগ্ৰহৰ এই মাহেকীয়া পৰিসংখ্যা দ্বিতীয় সৰ্বাধিক। ২০২৩ চনৰ এপ্ৰিল মাহত জি এছ টি সংগ্ৰহ আছিল ১.৮৭ লাখ কোটি টকা। এবছৰ পূৰ্বে ২০২২ চনৰ অক্টোবৰ মাহত জি এছ টি সংগ্ৰহ আছিল ১.৫২ লাখ কোটি টকা।
তথ্য অনুসৰি ২০২৩ চনৰ অক্টোবৰ মাহত জি এছ টি সংগ্ৰহ হৈছে ১,৭২,০০৩ কোটি টকা। ইয়াৰে চিজিএছটি ৩০,০৬২ কোটি, এছজিএছটি ৩৮,১৭১ কোটি, আইজিএছটি ৯১,৩১৫ কোটি (সামগ্ৰী আমদানিৰ ওপৰত সংগ্ৰহ কৰা ৪২,১২৭ কোটি টকাকে ধৰি) আৰু চেছৰ ১২,৪৫৬ কোটি টকা। ইয়াৰ ভিতৰত চেছত সামগ্ৰী আমদানিৰ পৰা লাভ কৰা ১২৯৪ কোটি টকাও অন্তৰ্ভুক্ত। মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০২৩-২৪ বিত্তীয় বৰ্ষত মাহিলী জি এছ টিৰ গড় ৰাজহ সংগ্ৰহ হৈছে ১.৬৬ লাখ কোটি টকা। যোৱা বছৰৰ তুলনাত এই সংখ্যা ১১ শতাংশ বেছি।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
