জম্মু, ১৮ অক্টোবৰ (হি.স.)। জম্মু জিলাৰ আৰ্নিয়া ছেক্টৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ বিক্ৰম পোষ্টত মঙলবাৰে গভীৰ নিশা পাকিস্তানৰ গুলীচালনাত আহত হয় দুজন বি এছ এফৰ জোৱান। আহত জোৱানকেইজনক জম্মু চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।
পাকিস্তানৰ গুলীচালনাত এজন জোৱানৰ পেটত আৰু আন এজনৰ হাতত গুলী লাগিছিল। বিক্ৰম পোষ্টত মোতায়েন কৰা হৈছে বি এছ এফৰ ১২০টা বেটেলিয়ন। বি এছ এফ আৰু আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে সেই স্থান পৰিদৰ্শন কৰিছে। আন্তৰ্জাতিক সীমান্তৰ ফালে কাকো যাবলৈ দিয়া হোৱা নাই।
হিন্দুস্থান সমাচাৰ/বলৱান/মনোজ/অৰবিন্দ
