-ভাৰত মাতা কি জয় ধ্বনি
নতুন দিল্লী, ১৮ অক্টোবৰ (হি.স.)। ইজৰাইলৰ ওপৰত হামাছৰ আক্ৰমণৰ পিছত তাত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলৰ নিৰাপদে উভতি অহাৰ বাবে মোডী চৰকাৰৰ অপাৰেচন অজয়ৰ অধীনত মঙলবাৰে নিশা ১১ বজাত পঞ্চম বিমানখন পালাম বিমানবন্দৰত উপস্থিত হয়। এই স্পাইচজেট বিমানখনে ২৮৬ জন লোকক লৈ আহিছিল। এই উপলক্ষ্য এই লোকসকলে ভাৰত মাতা কি জয়ৰ শ্লোগান প্রতিধ্বনিত কৰিছিল। ইজৰাইলৰ পৰা অহা লোকসকলৰ ভিতৰত আছে ২৬৮ জন ভাৰতীয় আৰু ১৮ জন নেপালী নাগৰিক। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগানে বিমানবন্দৰত সকলোকে আদৰণি জনায়।
তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগান আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এক্সত এই ভাল খবৰটো শ্বেয়াৰ কৰিছে। খবৰ পোৱা গৈছে যে দেওবাৰে টেল আভিভত অৱতৰণ কৰাৰ পিছত এই স্পাইচজেট বিমান (এ৩৪০) কাৰিকৰী সমস্যাৰ সৃষ্টি হৈছিল। এই কাৰণেই বিমানখন জৰ্ডানলৈ লৈ যোৱা হয়। বিমানখন সোমবাৰে পুৱা ৰাষ্ট্ৰীয় ৰাজধানীলৈ উভতি অহাৰ কথা আছিল।
এল মুৰুগানে কয় যে চৰকাৰে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। যিসকল ভাৰতীয় নাগৰিকে নিজৰ গৃহভূমিলৈ উভতিব বিচাৰে তেওঁলোকক ওভতাই আনিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কৈছে যে অপাৰেচন অজয়ৰ অধীনত ১১০০ৰো অধিক ভাৰতীয় নাগৰিকক নিৰাপদে প্ৰত্যাৱৰ্তন কৰা হৈছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
