গোলাঘাট, ১৭ অক্টোবৰ (হি স)। গোলাঘাট জিলাৰ মৰঙিত বনৰীয়া হাতীৰ মুক্ত বিচৰণ নৈমিত্ৰিক ঘটনাৰ দৰে হৈ পৰিছে। বনাঞ্চলৰ পৰিবৰ্তে চাহ বাগিচা হৈ পৰিছে বন্যহাতীৰ আশ্ৰয়স্থল । ফলত আতংকিত হৈ পৰিছে বাগিচাৰ শ্ৰমিকসকল ৷
গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙিত এতিয়া বনৰীয়া হাতীৰ জাকে বনাঞ্চলৰ পৰিবৰ্তে জনাঞ্চলকে বাচি লৈছে আশ্ৰয়স্থল হিচাপে ৷ বাগিচা, গাওঁ, খেতি পথাৰত মুক্ত বিচৰণ কৰিবলৈ লৈছে । হাতীৰ বৃহৎ জাকে নিতৌ ঢলাগুৰি , বগীঢলা, তেলিয়াগাঁও, ঢলাগাঁও, মিৰিপথাৰ আদি অঞ্চলসমূহত বিচৰণ কৰিবলৈ লৈছে। দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লোৱা হাতীয়ে নিশা মানুহৰ বাৰী,ঘৰ ,কৃষিপথাৰ নষ্ট কৰে । চাহ বাগিচাৰ মাজেৰে যোৱা পথ সমূহত হাতী বিচৰণ কৰাত ৰাইজৰ যাতায়ত যোগাযোগৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় । যিকোনো মূহুৰ্তত বিপদৰ আশংকা থাকে । নিতৌ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ঢাপলি মেলাৰ সময়ত মানুহ সতৰ্ক নহলে পথৰ মাজতেই বনৰীয়া হাতীৰ সন্মূখীন হব লগা হৈছে। খাদ্যৰ সন্ধানত হাতীৰ জাকে ধাৰাবাহিক ভাবে এনেদৰেই বিচৰণ কৰিছে । উপায়হীন বনবিভাগ ৷ হাতীৰ জাকটোৱে আটছবাজী, বন্দুকৰ গুলীৰ শব্দ, হৈ হাল্লা একোলৈকে নকৰে কেৰেপ ৷ যাৰ ফলত আতংকগ্ৰস্ত হৈ পৰিছে ৰাইজ ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
