
ধুবুৰী, ১৭ অক্টোবৰ (হি.স.): চোৰাং পশুধন সৰবৰাহৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰিছে গোলকগঞ্জ আৰক্ষী। খেদি খেদি ধৰিলে গৰু সৰবৰাহকাৰীক লগতে উদ্ধাৰ কৰিলে ৪ টাকৈ গৰু। সোমবাৰে সন্ধিয়া এক গোপন সুত্ৰৰ পম খেদি গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেবজীত কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে পশ্চিমবঙ্গৰ পৰা ৰতিয়াদহ হৈ গোলকগঞ্জ অভিমুখি তীব্ৰ বেগী এএছ ০১ বিজে ৮৪৬২ নম্বৰ (হুণ্ডাই)ৰ আৰু এএছ ১৭ এম ৩৬১১ নম্বৰৰ (বেলেনো) চাৰিচকীয়া দুখন বিলাসী বাহন দুখনক খেদি যায়।
গাড়ী দুখন গোলকগঞ্জ বেৰিকেট পোৱাৰ লগে লগে চাৰিওফালৰ পৰা আৰক্ষীয়ে ঘেৰি ধৰে। গাড়ী দুখনত তালাচী চলোৱাত হুণ্ডাই বাহন খনৰ পৰা চাৰিটাকৈ গৰু উদ্ধাৰ কৰাৰ লগতে চালক জনক আটক কৰে। লগতে বেলেনো বাহন খনৰ পৰা ৪ জন লিংক মেনৰ সন্দেহত আটক কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
