• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > তেজপুৰত মাইক্ৰ’ফাইনেন্স হিতাধিকাৰীৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী সিংহলৰ
Regional

তেজপুৰত মাইক্ৰ’ফাইনেন্স হিতাধিকাৰীৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণ মন্ত্ৰী সিংহলৰ

CliQ INDIA
Last updated: October 17, 2023 5:03 am
CliQ INDIA
Share
2 Min Read
SHARE
তেজপুৰত
তেজপুৰত

শোণিতপুৰ, ১৬ অক্টোবৰ (হি.স.) । অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰৰ কলেজিয়েট ফিল্ডত অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত শোণিতপুৰ জিলাৰ তৃতীয় বৰ্গৰ ঋণ গ্ৰহণকাৰীসকলৰ মাজত ঋণমুক্তিৰ প্ৰমাণপত্ৰ (ন’ ডিউজ চাৰ্টিফিকেট) বিতৰণ কৰে।

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰী মহিলাসকলক সম্বোধন কৰি প্ৰদান কৰা ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ২.২২ লাখ তৃতীয় বৰ্গৰ ঋণগ্ৰহণকাৰীক অসম মাইক্ৰ’ফাইনেন্স উদ্গনি আৰু সকাহ আঁচনি, ২০২১ৰ অধীনত ৩০০ কোটি টকাৰ আৰ্থিক সুবিধা প্ৰদান কৰিছে। আজি ঋণমুক্তিৰ প্ৰমাণপত্ৰ বিতৰণৰ লগে লগে আমাৰ দৰিদ্ৰ ঋণ গ্ৰহণকাৰী ৰাইজৰ ওপৰৰ পৰা এক বৃহৎ আৰ্থিক বোজা আঁতৰি যাব বুলি মন্তব্য কৰি তেওঁ কয় যে এই পদক্ষেপৰ ফলত তেওঁলোক পুনৰবাৰ ঋণৰ বাবে যোগ্য হৈ উঠিব।

মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ আৰ্থিকভাৱে অনগ্ৰসৰ মহিলা আৰু আই-মাতৃসকলক ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণৰ পৰা মুক্তি দিয়াৰ বাবে নতুন চৰকাৰৰ প্ৰথমখন কেবিনেটতে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই পদক্ষেপৰ ৰূপায়ণৰ বাবে গঠন কৰা সমিতিৰ দায়িত্ব ল’বলৈ পাই নিজকে সৌভাগ্যৱান অনুভৱ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সমগ্ৰ দেশৰ ভিতৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা অসমেই হৈছে প্ৰথমখন ৰাজ্য। ভাৰতীয় সভ্যতাত নাৰীক সদায়েই উচ্চ স্থানত অধিষ্ঠিত কৰি অহা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে নাৰীৰ এই মৰ্যাদাৰ কথা মনত ৰাখিয়েই বৰ্তমানৰ চৰকাৰে তেওঁলোকক ঋণমুক্ত কৰি আৰ্থিকভাৱে শক্তিশালী কৰি ৰাখিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰে জাতি-ধৰ্ম-ভাষাৰ কোনো বিভাজন ৰখা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজি তেজপুৰত সমবেত হোৱা মহিলাসকলেই তাৰ চাক্ষুস প্ৰমাণ। বৰ্তমানৰ চৰকাৰে এইদৰেই সকলোকে লৈ সৰ্বাত্মক কল্যাণৰ বাবে কাম কৰি আহিছে বুলি তেওঁ মন্তব্য কৰে।

আজিৰ অনুষ্ঠানত বিধায়ক পৃথ্বীৰাজ ৰাভা, কৃষ্ণ কমল তাঁতী আৰু গণেশ কুমাৰ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়-ববীয়াসকল তথি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ

You Might Also Like

হাজোৰ সত্ৰনগৰী ৰামদিয়াত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ
শুৱালকুছিৰ ৰাস মহোৎসৱত মুকলি জুৱাৰ পয়োভৰ
দলগাঁৱৰ শিলবৰীত অৰুণোদয় আঁচনিত নাম সোমাবলৈ ধন লোৱাৰ অভিযোগ
গোৱালপাৰাৰ ধূপধৰাত আৰক্ষীৰ সৈতে সংঘটিত সংঘৰ্ষত চাৰিজন ডকাইত নিহত
আজি কাতি বিহুৰ সমান্তৰালকৈ ধনতেৰাচ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চিৰাঙত দুটা কিন্নৰ দলৰ মাজত সংঘটিত মাৰপিটৰ ঘটনাত দুজন আহত
Next Article ঢেকিয়াজুলিত ‘অমৃত কলহ যাত্ৰা’ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?