কামৰূপ, ১৬ অক্টোবৰ (হি স)। কামৰূপৰ গৰৈমাৰীত সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ কাবাদী খেলৰ দেওবাৰে নিশা সফল সামৰণি পৰে ৷ কাবাদী খেলত ল’ৰাৰ শাখাত নগাঁও আৰু ছোৱালীৰ শাখাত নাহৰকটীয়া দলে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ সামৰণি অনুষ্ঠানত সাংসদ তথা সদৌ অসম কাবাদী সন্থাৰ সভাপতি ভুৱনেশ্বৰ কলিতা উপস্থিত থাকে ৷
দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত গৰৈমাৰী আঞ্চলিক ক্ৰীড়া সন্থা আৰু গৰৈমাৰী ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় খেলপথাৰত ১৩ অক্টোবৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম কাবাদী সন্থাৰ চতুৰ্দশ সদৌ অসম আন্তঃজিলা ছাব জুনিয়ৰ ল’ৰা আৰু ছোৱালীৰ দিবা-নৈশ কাবাদীৰ ফাইনেলখন দেওবাৰে নিশা ছোৱালীৰ নাহৰকটীয়া বনাম চৰাইদেউৰ মাজত আৰু ল’ৰাৰ মৰিগাঁও বনাম নগাঁৱৰ মাজত অনুষ্ঠিত হয় ৷
ফাইনেল খেলত ল’ৰাৰ শাখাত নগাঁও দলে মৰিগাঁৱক আৰু ছোৱালীৰ শাখাত নাহৰকটীয়া দলে চৰাইদেউ দলক পৰাজিত কৰি দল দুটাই চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ সামৰণি অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা দক্ষিণ কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি ডাঃ কমলাকান্ত কলিতাই বিজয়ী নগাঁও আৰু নাহৰকটীয়া দল দুটাৰ মাজত বঁটা বিতৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
