গোলাঘাট, ১৬ অক্টোবৰ (হি.স.)। নিজম পৰিল মেৰাপানী গ্ৰন্থমেলাৰ বাকৰি। যোৱা ৭ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে দৈয়াঙত পটভূমিত মেৰাপানী ৰাজহুৱা খেলপথাৰত ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ ২০২৩ ৰ সফল সমাপ্তি ঘটে।
শেষৰ দিনাৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত, শিশু আৰু মহিলা কল্যাণ দপ্তৰৰ মন্ত্ৰী অজন্তা নেওগ। গ্ৰন্থমেলা থলীত গ্ৰন্থৰ সুবাস লৈ মন্ত্ৰী গৰাকীয়ে কয় যে গ্ৰন্থৰ অধ্যয়নে সমাজখন পৰিবৰ্তন কৰিব পাৰে। পোন প্ৰথম বাৰৰ বাবে বিশাল পৰিসৰত অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনিত ভিতৰুৱা অঞ্চলটোৰ লক্ষাধিক ৰাইজে উপস্থিতি দি গ্ৰন্থমেলাখনি সাফল্য মণ্ডিত কৰি তোলে।
জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই এই গ্ৰন্থমেলাৰ বাকৰিতে স্থানীয় লেখক সকলৰ ১২ খনকৈ গ্ৰন্থ উন্মোচন কৰাৰ লগতে এই অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবি, সাহিত্যিকৰ সমাহাৰ ঘটে। ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য, সংস্কৃতি আৰু বৌদ্ধিক প্ৰতিযোগিতাৰ সমান্তৰালভাৱে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।
গ্ৰন্থমেলাৰ বাকৰিত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰগোঁহাইয়ে গীত পৰিৱেশনৰ লগতে ১৫ অক্টোবৰৰ সামৰণি অনুষ্ঠানত গীত পৰিৱেশন কৰে কণ্ঠশিল্পী কুসুম কৈলাস আৰু মন্টু গোঁহায়ে। সীমান্ত অঞ্চলটোত অনুষ্ঠিত গ্ৰন্থমেলাই আশানুৰূপ ফল লাভ কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/অৰৱিন্দ/মনোজ
