
কোকৰাঝাৰ, ১৬ অক্টোবৰ (হি.স.): কোকৰাঝাৰত এ এছ ১৭ চি ৩২০৯ নম্বৰৰ বলেৰো পিকআপ গাড়ী এখন ভাঙি চূৰমাৰ কৰিলে ৬/৭ জনীয়া দল এটাই। কোকৰাঝাৰ দাস জুয়েলাৰ্চৰ সন্মুখত দেওবাৰে নিশা প্ৰায় ৭ মান বজাত ঘটনাটো সংঘটিত হয় ৷ অতৰ্কিতে বলেৰো পিকআপ গাড়ীখনত আক্ৰমণ কৰাৰ পিছতে কোনোমতে পলাই জীৱন ৰক্ষা কৰে গাড়ীৰ চালক গৰাকীয়ে ।
ইফালে স্থানীয় লোকে সদৰি কৰা মতে কালি সন্ধিয়া এ এছ ১৭ চি ৩২০৯ নম্বৰ গাড়ীখন কোকৰাঝাৰ চহৰলৈ আহি আছিল ৷ কিন্তু গাড়ীখন দাস জুয়েলাৰ্চ দোকানৰ সন্মুখত আহি পোৱা মাত্ৰকে গাড়ীখনৰ পিছে পিছে মটৰ চাইকেল লৈ আহি থকা ৬/৭ জনীয়া দলে আগভেটা দি গাড়ীখন লাঠি আৰু লোহাৰে ভাঙি চূৰমাৰ কৰে ৷ ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ গাড়ীখন থানালৈ লৈ আহে ৷ আৰক্ষীয়ে কোনে কি কাৰণত গাড়ীখন ভাঙিলে সেয়া জ্ঞাত নহয় যদিও তদন্ত অব্যাহত ৰাখিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
