নতুন দিল্লী, ১৬ অক্টোবৰ (হি.স.)। ইজৰাইল-হামাছ যুদ্ধৰ মাজতে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত প্ৰায় ৯১ ডলাৰ আৰু ডব্লিউ টি আই খাৰুৱা তেলৰ মূল্য প্ৰায় ৮৮ ডলাৰ। কিন্তু ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে পেট্ৰ’ল-ডিজেলৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই।
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি সোমবাৰে দিল্লীত পেট্ৰ’লৰ মূল্য ৯৬.৭২ টকা, ডিজেলৰ ৮৯.৬২ টকা, মুম্বাইত পেট্ৰ’লৰ মূল্য ১০৬.৩১ টকা, ডিজেলৰ মূল্য ৯৪.২৭ টকা, কলকাতাত পেট্ৰ’লৰ দাম ১০৬.০৩ টকা, ডিজেলৰ মূল্য ৯২.৭৬ টকা, চেন্নাইৰ পেট্ৰ’লৰ মূল্য ১০২.৬৩ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৯৪.২৪ টকা হাৰত উপলব্ধ।
আন্তঃৰাষ্ট্ৰীয় বজাৰত সপ্তাহৰ প্ৰথম দিনটোত আৰম্ভণিৰ ব্যৱসায়ত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০.৯৭ ডলাৰত ট্ৰেণ্ড হৈ আছে, যিটো ০.০৮ ডলাৰ বা ০.০৯ শতাংশ বৃদ্ধি পাইছে। একে সময়তে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলৰ মূল্য ০.০৭ ডলাৰ বা ০.০৮ শতাংশ বৃদ্ধিৰে প্ৰতি বেৰেলত ৮৭.৭৬ ডলাৰত ব্যৱসায় কৰি আছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/অৰৱিন্দ/মনোজ
