নগাঁও, ১৬ অক্টোবৰ (হি.স.): অসম আৰক্ষীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পুনৰ বন্দী হৈছে এগৰাকী ৰাজপত্ৰিত বিষয়া। হোজাইৰ বিন্নাকান্দি উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া শেফালী চক্ৰৱৰ্তীক দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে নগাঁৱৰ কঠিয়াতলীৰ এখন ধাবাৰ পৰা দেওবাৰে সন্ধিয়া ১০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগত আটক কৰে। উন্নয়ণ খণ্ডটোত সম্পূৰ্ণ হোৱা চৰকাৰী কামৰ ধন মোকোলাই দিয়াৰ বাবদ শেফালী চক্ৰৱৰ্তীয়ে ১০ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগত হাতে-লোটে আটক কৰা হৈছে বুলি দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই সামাজিক মাধ্যমত অৱগত কৰিছে।
শেফালী চক্ৰৱৰ্তীক আটক কৰাৰ পিছতে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে নগাঁও আৰক্ষীক লগত লৈ নগাঁৱৰ আমোলাপট্টিত উপস্থিত হয়। চক্ৰৱৰ্তীৰ আমোলাপট্টিস্থিত বাসভৱনটো দলটোৱে তালাচী অভিযান চলায়। উল্লেখযোগ্য যে শেফালী চক্ৰৱৰ্তীৰ স্বামী ব্ৰজ শৰ্মা বিশ্ব হিন্দু পৰিষদৰ নেতা বুলি জানিব পৰা গৈছে। সেই সুবাদতে শেফালী চক্ৰৱৰ্তীয়ে পূৰ্বে নগাঁৱৰ খাগৰিজান উন্নয়ণ খণ্ডত ব্যাপক দূৰ্নীতি কৰাৰ অভিযোগ উঠিছিল। খাগৰিজানৰ পৰা বিন্নাকান্দিলৈ বদলি হোৱাৰ পিছত পুনৰ দূৰ্নীতিত নিমজ্বিত হোৱাৰ অভিযোগ উঠিছিল চক্ৰৱৰ্তীৰ বিৰুদ্ধে। অৱশেষত চৰকাৰী আঁচনিৰ ধন মোকোলাই দিয়াৰ বিনিময়ত ১০ হাজাৰ টকাৰ উৎকোছ লৈ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ জালত পৰা শেফালী চক্ৰৱৰ্তীয়ে গ্ৰামোন্নয়ণৰ ধনৰে সম্পত্তিৰ পাহাৰ গঢ়াৰো অভিযোগ কৰিছে স্থানীয় বহু লোকে।
উল্লেখযোগ্য যে অমৃত সৰোবৰ আঁচনিত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি স্থানীয় ছবিৰ আহমেদ নামৰ এগৰাকী সচেতন যুৱকে ডবকা থানাত এজাহাৰ দাখিল কৰিছিল ৷ কিন্তু আৰক্ষীয়ে তদন্ত নকৰাৰ অভিযোগ তুলিছে যুৱকজনে ৷ ইপিনে যমুনামুখ সমষ্টিৰ বিজেপিৰ পুৰণি নেতা নজমুল আলম লস্কৰেও দীৰ্ঘদিনৰ পৰা বিন্নাকান্দি উন্নয়ন খণ্ডত দালালৰ সহযোগত বিষয়া গৰাকীয়ে দুৰ্নীতি কৰি অহাৰ অভিযোগ তুলি বিভাগীয় কতৃপক্ষলৈ লিখিত অভিযোগ দিছিল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
