– ৰূপৰ মূল্য সপ্তাহত ৩,১০০ টকা বৃদ্ধি, সোণৰ বাঢ়িল ৭৬০ টকা
নতুন দিল্লী, ০৪ জানুৱাৰী (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত উত্থানৰ ধাৰা দেখা গৈছে। এই বৃদ্ধিৰ বাবে দেশৰ বেছিভাগ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৩৫,৮২০ পৰা ১,৩৫,৯৭০ টকাৰ ভিতৰত হোৱা দেখা যায়। একেদৰে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,২৪,৫০০ টকাৰ পৰা ১,২৪,৬৫০ টকাৰ ভিতৰ ব্যৱসায় কৰে। সোণৰ দৰে ৰূপৰ দামো বৃদ্ধি পাইছে। মূল্যবৃদ্ধিৰ বাবে আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৪১,০০০ টকা হয়গৈ।
সাপ্তাহিক ভিত্তিত সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়ৰ সময়ত ধাৰাবাহিকভাৱে উঠা-নমাৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত মাত্ৰ ৭৫০ টকাহে বৃদ্ধি পোৱা গৈছে। একেদৰে ২২ কেৰেটৰ সোণো বিগত এসপ্তাহৰ ভিতৰত প্ৰতি ১০ গ্ৰামত ৭৬০ টকাকৈ ব্যয়বহুল হৈ পৰিছে। সোণৰ দৰে এই সপ্তাহতো বৃদ্ধি পাইছে ৰূপৰ দাম। এই সপ্তাহৰ ব্যৱসায়ত যোৱা সপ্তাহৰ তুলনাত এই চিকচিকিয়া ধাতু প্ৰতি কিলোগ্ৰামত ৩১০০ টকা ব্যয়বহুল হৈ পৰিছে।
দিল্লীত আজি ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৯৭০ টকা দৰত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৬৫০ টকাত ৰেকৰ্ড কৰা হৈছে। ইফালে, দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,৩৫,৮২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,৫০০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৮৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৫৫০ টকা ।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩৫,৮২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,২৪,৫০০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাতো ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩৫,৮২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,২৪,৫০০ টকাত ব্যৱসায় কৰা দেখা গৈছে। ভূপালত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৮৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৫৫০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩৫,৯৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,৬৫০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৮৭০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৪,৫৫০ টকা। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩৫,৯৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰাম ১,২৪,৬৫০ টকাত বিক্ৰী হৈছে।
সমগ্ৰ দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা, ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য বৃদ্ধি পাইছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৫,৮২০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,২৪,৫৫০ টকাত বিক্ৰী কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
