তিনিচুকীয়া, ০৩ জানুৱাৰী (হি.স.): মৃতদেহ লৈ তিনিচুকীয়া মাকুম পথ অবৰোধ কৰিলে কেইবা শতাধিক পুৰুষ মহিলাই। বছৰৰ প্ৰথম দিনটোতেই তিনিচুকীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা । তিনিচুকীয়াৰ লেছেংকা গাঁৱৰ ৰত্নেশ্বৰ বড়া উৰফে লক্ষ্মণ নামৰ লোকজনক চোকা অস্ত্ৰই আক্ৰমণ কৰে ১২ নং লাইনৰ বিচু মালাহাই ।
পৰৱৰ্তী সময়ত লোকজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। নিশাৰভাগত অসম চিকিৎসা মহাবিদ্যালয়তে মৃত্যু ঘটে ৰত্নেশ্বৰ মৰাণ উৰফে লক্ষ্মণৰ । পৰৱৰ্তী সময়ত ঘটনাস্থলীত বাৰেকুৰিৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে পলাতক বিচু মালাহাৰক বিচাৰি অভিযান আৰম্ভ কৰিছে । ইফালে যোৱা কালি শুকুৰবাৰে সন্ধিয়া ৰত্নেশ্বৰ বড়াৰ মৃতদেহ লৈ স্থানীয় কেইবা শতাধিক মহিলা পুৰুষে তিনিচুকীয়া মাকুম পথ অবৰোধ কৰে।হত্যাকাৰী বিচু মালাহাক অতি শীঘ্ৰেই আটক কৰি ৰত্নেশ্বৰ বড়াৰ পৰিয়ালক ক্ষতিপুৰণ দিয়াৰ দাবী জনাইছে লোকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
