নলবাৰী। ০২ জানুৱাৰী (হি.স.): নৱ বৰ্ষৰ পহিলা দিনটোৰ সন্ধিয়া নলবাৰীৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত নলবাৰী পৰিবহন বিভাগৰ লগতে যানবহন শাখা আৰু আবকাৰী বিভাগৰ তৰফৰ পৰা যৌথ অভিযান চলোৱা হয় । নতুন বছৰটোত যাতে দুৰ্ঘটনা হ্ৰাস হয় তাৰ প্ৰচেষ্টাত অব্যাহত ৰখা হৈছে নলবাৰী জিলা প্ৰশাসনৰ এই অভিযান ।
গাড়ী চলোৱা সময়ত মাদক দ্ৰব্য সেৱন কৰা সকলৰ বিৰুদ্ধে নিৰন্তৰ চলাইছে অভিযান ৷ন লবাৰী গণেশ মন্দিৰ চ’কৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নলবাৰী পৰিবহন বিভাগৰ লগতে নলবাৰী আবকাৰী আৰু যানবাহন আৰক্ষী হাতত ব্ৰেথ এনালাইজাৰ লৈ পথত অভিযান চলায় ৷ এইক্ষেত্ৰত গাড়ী চলাওতে সাবধানতা অৱলম্বন কৰিবলৈ আৰক্ষীয়ে আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
