নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। বৃহস্পতিবাৰে হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড (এইচএমআইএল)ৰ পৰিচালন সঞ্চালক (এমডি) আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) হিচাপে দায়িত্ব গ্ৰহণ কৰে তৰুণ গাৰ্গে।
দক্ষিণ কোৰিয়াৰ অটোমোটিভ নিৰ্মাতা কোম্পানী হুণ্ডাই মটৰ কোম্পানীৰ ভাৰতীয় শাখা হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড (এইচএমআইএল) প্ৰতিষ্ঠা হোৱাৰ ২৯ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ভাৰতীয় নাগৰিকে নেতৃত্ব দিছে। দক্ষিণ কোৰিয়াৰ হুণ্ডাই মটৰ কোম্পানী (এইচএমচি)লৈ কৌশলগত ভূমিকাত উভতি যোৱা উনছু কিমৰ স্থানত স্থলাভিষিক্ত হৈছে তৰুণ গাৰ্গ।
তেওঁৰ নতুন ভূমিকা সম্পৰ্কে গাৰ্গে কয় যে, “মোৰ লক্ষ্য হৈছে এক শক্তিশালী ভেটি গঢ়ি তোলা আৰু এইচ এম এলক বহনক্ষম বৃদ্ধি, প্ৰযুক্তিৰ নেতৃত্ব, আৰু গ্ৰাহকৰ সন্তুষ্টিৰ দিশত আগুৱাই নিয়া।” তৰুণ গাৰ্গ দিল্লী প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰ আৰু আই আই এম লক্ষ্ণৌৰ পৰা এম বি এ।
কোম্পানীটোৰ মতে, অটোমোটিভ খণ্ডত তিনি দশকৰো অধিক অভিজ্ঞতাৰে ভাৰতত এইচএমআইএলৰ দ্বিতীয় পৰ্যায়ৰ বৃদ্ধিৰ নেতৃত্ব দিবলৈ সঠিক বিশেষজ্ঞতা আছে তৰুণ গাৰ্গ। হুণ্ডাইৰ পূৰ্বে তৰুণ গাৰ্গে মাৰুতি চুজুকীত দীৰ্ঘদিনীয়া আৰু সফল কেৰিয়াৰ গঢ়িছিল, য’ত তেওঁ বিপণন, লজিষ্টিক, পাৰ্টছ এণ্ড এক্সেচৰিজৰ কাৰ্যবাহী সঞ্চালক পদলৈ উন্নীত হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
