নতুন দিল্লী, ০১ জানুৱাৰী (হি.স.)। নতুন বছৰৰ প্ৰথম দিনটোত ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে বিমান টাৰ্বাইন ইন্ধনৰ মূল্য ৭.৩% বৃহৎ পৰিমাণে হ্ৰাস কৰিছে। বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হয় বিমান টাৰ্বাইন ইন্ধনৰ (এটিএফ) নতুন হাৰ। এই হ্ৰাসৰ পিছত নতুন দিল্লীত এ টি এফৰ মূল্য প্ৰতি কিলোলিটাৰ ₹৭,৩৫৩.৭৫ অৰ্থাৎ ৭.৩% হ্ৰাস পাই প্ৰতি কিলোলিটাৰত ₹৯২,৩২৩.০২ হৈছে।
অৱশ্যে মূল্য পৰিৱৰ্তনৰ প্ৰভাৱ সন্দৰ্ভত বিমান সংস্থাসমূহে ততাতৈয়াকৈ কোনো মন্তব্য কৰা নাই। তদুপৰি মুম্বাইত এটিএফৰ মূল্য সংশোধন কৰি প্ৰতি কিলোলিটাৰত ৮৬,৩৫২.১৯ টকা হোৱাৰ বিপৰীতে চেন্নাই আৰু কলকাতাত প্ৰতি কিলোলিটাৰত ক্ৰমে ৯৫,৭৭০ আৰু ৯৫,৩৭৮.০২ টকা হৈছে। স্থানীয় কৰ বাবে চহৰভেদে ইন্ধনৰ মূল্য বেলেগ বেলেগ হয়।
খুচুৰা বিক্ৰেতাসকলে কয় যে ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে বিশ্বব্যাপী ইন্ধনৰ মানদণ্ডৰ সৈতে সংগতি ৰাখি তেওঁলোকৰ মাহেকীয়া মূল্য সংশোধন কাৰ্যকৰী কৰিছে। একেৰাহে তিনিমাহ ধৰি এটিএফৰ মূল্য বৃদ্ধিৰ পিছত এই হ্ৰাস কৰা হৈছে। ১ ডিচেম্বৰত ৫.৪ শতাংশ বা প্ৰতি কিলোলিটাৰত ৫,১৩৩.৭৫ টকা মূল্য বৃদ্ধি কৰা হৈছিল। ইয়াৰ পূৰ্বে ১ নৱেম্বৰত প্ৰায় এক শতাংশ আৰু ১ অক্টোবৰত ৩.৩ শতাংশ বৃদ্ধি কৰা হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
