• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা ৰাজ্যিক বিজেপিৰ
Regional

অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

CliQ INDIA
Last updated: January 1, 2026 9:50 am
CliQ INDIA
Share
4 Min Read
SHARE

অসমৰ বাবে প্ৰাপ্তি, সফলতা, উন্মেষ আৰু উত্তোৰণৰ বৰ্ষ ২০২৫

গুৱাহাটী, ৩১ ডিচেম্বৰ (হি.স.)। অসমৰ বাবে এক প্ৰাপ্তি, সফলতা, নতুন দিশৰ উন্মেষ আৰু উত্তোৰণ বৰ্ষ ২০২৫৷ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰৱাৰ পুনৰুজ্জীৱিতকৰণ কৰি অসমৰ ৰাইজলৈ উছৰ্গা কৰা হ’ল৷ সমগ্ৰ পূৱ ভাৰতৰ ভিতৰত ২৯১ কোটি টকা ব্যয়ৰে অন্যতম বৃহৎ ৫০০০ আসনবিশিষ্ট মহান শিল্পী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতিত গুৱাহাটীৰ খানাপাৰাত নিৰ্মাণ কৰি উলিওৱা আন্তৰ্জাতিক প্ৰেক্ষাগৃহ দক্ষিণ-পূৱ এছিয়া মহাদেশৰ সাংস্কৃতিক উত্তৰণত বাটকটীয়া হ’ব৷ অসম চৰকাৰৰ প্ৰচেষ্টাত পূৰ্বৰ তুলনাত ১২৭ শতাংশ বিদেশী পৰ্যটক ২০২৫ বৰ্ষত কাজিৰঙালৈ আগমণে অসমৰ সংস্কৃতি, সংৰক্ষণ তথা অসমৰ আইন শৃংখলাজনিত পৰিৱেশক সূচোৱাৰ লগতে বিশ্বৰ এক নৱোদিত পৰ্যটকৰ গন্তব্য স্থানলৈ উত্তৰণ হৈছে কাজিৰঙা অভয়াৰণ্য৷

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ চৰকাৰৰ দূৰদৰ্শী নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্বীকৃতি মতে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ হাৰ ৪৫ শতাংশলৈ বৃদ্ধি পাইছে যি ৰাষ্ট্ৰীয় গঢ় ২৯ শতাংশতকৈ বহু ওপৰত৷ স্থিৰ মূল্যত অসমৰ সামগ্ৰিক ৰাজ্যিক ঘৰুৱা উৎপাদনৰ [GSDP] বৃদ্ধিৰ ফলত অসম ৩.৪৯ লাখ কোটিৰ বৃহৎ অৰ্থনীতিৰ ৰূপ পাইছে যিয়ে অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ দৃষ্টিভংগী ৰূপায়নৰ ক্ষেত্ৰত এক বৃহৎ সফলতা৷ ২০০ বছৰীয়া স্বৰ্ণীল চাহ উদ্যোগৰ চাহ জনগোষ্ঠীৱে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিগত কংগ্ৰেছ চৰকাৰে ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল৷ জনগোষ্ঠীটোয়ে বিগত কংগ্ৰেছ চৰকাৰৰ সময়ত প্ৰতাৰণাৰ বাদে একো নাপালে৷ কিন্তু ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে জনগোষ্ঠীটোৰ শিক্ষাৰ পৰা স্বাস্থ্য, বাট-পথ পৰা ভূমি পট্টাৰ সুৰক্ষালৈ প্ৰতিটো দিশতে লাভ কৰিছে প্ৰাপ্য অধিকাৰ৷

জাতি-মাটি-ভেটি শ্লোগানৰ সংকল্পক সিদ্ধিলৈ উত্তৰণ কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ চৰকাৰে৷ অসমৰ সংস্কৃতি আৰু জনগাঁথনিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা বেদখলকাৰীৰ পৰা প্ৰায় ১.৫ লাখ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ এই অভিযানৰ লক্ষ্যত আমাৰ চৰকাৰ অটল আৰু অবিচল৷ অসমৰ ৩০ লাখ মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰদানে অসমৰ মহিলাসকলক স্বাৱলম্বী হোৱাই নহয় এক আদৰ্শ হিচাপে সমাজত উজলি উঠিব৷ ২০২৫ বৰ্ষত আমাৰ চৰকাৰে যুৱ প্ৰজন্মৰ মাজত আস্থা আৰু বিশ্বাসৰ প্ৰতীকিৰূপে জিলিকি থকিব৷ অসমৰ ২ লাখতকৈও অধিক যুৱকক স্বচ্ছ নিকা আৰু মেধা ভিত্তিত দিয়া নিযুক্তিৰ অনিৰুদ্ধ গতি অব্যাহত থাকিব৷ কৃষকক লাভাম্বিত কৰা নামৰূপ সাৰ কাৰখানা বন্ধ হৈ যোৱাৰ পাছত কংগ্ৰেছ চৰকাৰে ইয়াক পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো পদক্ষেপ নললে৷ কেন্দ্ৰীয় চৰকাৰৰ সদইচ্ছাআৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ১২.৭ লাখ মেট্ৰিক টন সাৰ উৎপানক্ষম নামৰূপ সাৰ কাৰখানা পুনৰ প্ৰাণ পাই উঠিব৷ যোৱা ২১ ডিচেম্বৰত ১২,০০০ কোটি টকা ব্যয় সম্পন্ন এমনিয়া ইউৰিয়া সাৰ প্ৰকল্পৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ভূমিপুজনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ সাৰৰ প্ৰয়োজনীয়তা সুৰক্ষিত হ’ব৷ জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে ঐতিহাসিক অসম আন্দোলনত ৮৬০ গৰাকী অসমী আইৰ সন্তান শ্বহীদ হৈছিল৷ সেই দুঃসহ স্মৃতি শ্বহীদৰ পৰিয়াল সমূহে আজিও বুকুত কঢ়িয়াই ফুৰে৷ আমাৰ চৰকাৰে অমৰ শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ গুৱাহাটীৰ বৰাগাওঁত নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেৰ্শ্বৰ তালুকদাৰৰ আৱক্ষ মূৰ্তিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন অসমৰ ইতিহাসৰ স্মৃতিপটত সদায় স্মৰণীয় হৈ ৰ’ব৷

গুৱাহাটী আৰু উত্তৰ পূৱৰ বাবে এক ঐতিহাসিক দিন ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বিমান বন্দৰ চৌহদৰ ভিতৰত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আৱক্ষ মূৰ্তিৰ লগতে বিমান বন্দৰৰ সংহত টাৰ্মিনেল উন্মোচন৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ নতুন টাৰ্মিনেল অসমৰ “পূৱলৈ চোৱা” [এক্ট ইষ্ট] নীতিৰ মূল চালিকা শক্তি হোৱাৰ উচ্ছাকাংক্ষাক আৰু অধিক উৰণ প্ৰদান কৰিব৷

২০২৫ বহুতো সংস্কাৰেৰে সমৃদ্ধ এটি বৰ্ষ, যি প্ৰতিজন ভাৰতীয় তথা অসমবাসীৰ জীৱনলৈ কঢ়িয়াই আনিছে অভূতপূৰ্ব বিকাশ৷ সংস্কাৰ, পৰিবৰ্তন আৰু উত্তৰণৰ এই অনিৰুদ্ধ যাত্ৰাই এক সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰ অসম সৃষ্টি কৰিব৷ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে অসম প্ৰদেশ বিজেপিয়ে৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

ডিমৰীয়াৰ বগীবাৰীত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন
জামুগুৰিহাটৰ দক্ষিণাঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ
নগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী
পোহৰৰ উৎসৱ দীপাৱলীক লৈ ব্য়স্ত তামুলপুৰৰ মৃৎ শিল্পী
পশ্চিম বংগৰ শিলিগুৰিত বিএছএফে জব্দ কৰে ৮ খন চোৰাং সোণৰ বিস্কুট

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশবাসীলৈ ৰাষ্ট্ৰপতিৰ নৱবৰ্ষৰ শুভেচ্ছা – HindusthanSamachar Assamese
Next Article বিজয় হাজাৰে ট্ৰফীঃ মুম্বাইত একেৰাহে চতুৰ্থ জয়, পৰাজিত দিল্লী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?