নতুন দিল্লী, ৩১ ডিচেম্বৰ (হি.স.)। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে বুধবাৰে ভাৰত চৰকাৰৰ ২০২৬ চনৰ চৰকাৰী কেলেণ্ডাৰ প্ৰকাশ কৰে। এইবাৰৰ কেলেণ্ডাৰৰ বিষয়বস্তু হৈছে ভাৰত @ ২০২৬: সেৱা, সুশাসন, আৰু সমৃদ্ধি।
এই উপলক্ষে ড০ মুৰুগানে উল্লেখ কৰে যে ২০২৫ চনৰ ভিতৰত চৰকাৰে গ্ৰহণ কৰা কেইবাটাও বৃহৎ সংস্কাৰে দেশৰ উন্নত ভাৰত ২০৪৭ৰ দিশত জাতীয় যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ক প্ৰতিনিধিত্ব কৰে। তেওঁ লগতে কয় যে নাগৰিকৰ ওপৰত বোজা হ্ৰাস কৰা আৰু স্বেচ্ছামূলক অনুসৰণক উৎসাহিত কৰাৰ লক্ষ্যৰে অৰ্থনৈতিক আৰু কৰ সংস্কাৰ এই প্ৰচেষ্টাসমূহৰ কেন্দ্ৰীয় বিষয়।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কয় যে ভাৰত @ ২০২৬: সেৱা, সুশাসন, আৰু সমৃদ্ধি বিষয়বস্তুৰ আধাৰত নিৰ্মিত এই কেলেণ্ডাৰখনে ভাৰতক পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত চিত্ৰিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যৰ উদ্ধৃতি দি তেওঁ কয় যে দেশখন “সংস্কাৰ এক্সপ্ৰেছ”ত উঠিছে, যিয়ে সংস্কাৰৰ লগতে অন্তৰ্ভুক্তি আৰু আশাকো সামৰি লৈছে। এই পঞ্জিকাখন এই দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ এক প্ৰয়াস।
জাজুৱে বুজাই দিলে যে এই ব্যাপক দৃষ্টিভংগী কেলেণ্ডাৰত দেশৰ বিভিন্ন অঞ্চল, সম্প্ৰদায়, আৰু প্ৰজন্মক প্ৰতিনিধিত্ব কৰা সৰল মাহেকীয়া বিষয়বস্তুৰ জৰিয়তে উপস্থাপন কৰা হৈছে।
এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অনুপমা ভাটনগৰৰ পিআইবিৰ সঞ্চালক প্ৰধান প্ৰভাত আৰু চিবিচিৰ সঞ্চালক প্ৰধান কাঞ্চন প্ৰসাদও উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ
