আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ধুৰন্ধৰ বক্স অফিচত নিজৰ দখল অব্যাহত ৰাখিছে। ৰণবীৰ সিং অভিনীত ছবিখনে মুক্তিৰ চতুৰ্থ সপ্তাহত নিজৰ আকৰ্ষণীয় দৌৰ অব্যাহত ৰাখিছে। ইতিমধ্যে ভাৰতত ₹৭০০ কোটিৰ সীমা অতিক্ৰম কৰাৰ বিপৰীতে বিশ্বজুৰি ইয়াৰ উপাৰ্জন ₹১,১০০ কোটিৰো অধিক হৈছে। এতিয়া ধুৰন্ধৰৰ লক্ষ্য হৈছে শ্বাহৰুখ খানৰ ব্লকবাষ্টাৰ ছবি জোৱানক অতিক্ৰম কৰা।
যদিও মুক্তিৰ ২৫ তম দিনত ছবিখনৰ উপাৰ্জন সামান্য হ্ৰাস পাইছিল, তথাপিও পিছদিনাখনে পুনৰ গতি লাভ কৰিছিল। চাকনিল্কৰ এক প্ৰতিবেদন অনুসৰি ২৬ তম দিনত ধুৰন্ধৰ এ ১১.২৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ লগে লগে ছবিখনৰ ভাৰতীয় বক্স অফিচ সংগ্ৰহ হৈছে ₹৭১২.২৫ কোটি। ইফালে বিশ্বজুৰি সংকলন ₹১,১০১ কোটি অতিক্ৰম কৰি সপ্তম সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে। এতিয়া ই ষষ্ঠ স্থানৰ জোৱান (₹১,১৬০ কোটি)ৰ ওচৰ চাপিছে।
আনহাতে, কাৰ্তিক আৰ্য্যন আৰু অনন্যা পাণ্ডে অভিনীত ছবি তু মেৰী মে তেৰা, মে তেৰা তু মেৰীৰ বক্স অফিচৰ সমস্যা যেন কমি যোৱা নাই। চাকনিল্কৰ মতে, ছবিখনে মুক্তিৰ ষষ্ঠ দিনটোত মাত্ৰ ১.৭৫ কোটি ₹হে উপাৰ্জন কৰিছিল, যিটো পঞ্চম দিনৰ উপাৰ্জনৰ দৰেই। এসপ্তাহৰ ভিতৰতে ছবিখনৰ মুঠ উপাৰ্জন ₹২৭ কোটিহে হৈছে। বৃহৎ তাৰকা অভিনেতা-অভিনেত্ৰীৰ উপস্থিতিৰ পিছতো ছবিখনে দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
