• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > জীৱন যুদ্ধত হাৰ মানিলে খালেদা জিয়া, এৰি গ’ল এক শক্তিশালী ৰাজনৈতিক উত্তৰাধিকাৰ
International

জীৱন যুদ্ধত হাৰ মানিলে খালেদা জিয়া, এৰি গ’ল এক শক্তিশালী ৰাজনৈতিক উত্তৰাধিকাৰ

CliQ INDIA
Last updated: December 30, 2025 11:20 pm
CliQ INDIA
Share
5 Min Read
SHARE

ঢাকা, ৩০ ডিচেম্বৰ (হি.স.)। বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বিএনপি)ৰ অধ্যক্ষ তথা দেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াই এৰি থৈ গৈছে এক শক্তিশালী ৰাজনৈতিক উত্তৰাধিকাৰ। তেওঁৰ আজি পুৱা ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। বিএনপিৰ ফেচবুক পেজত উল্লেখ কৰা হৈছে যে, ফজৰৰ নামাজৰ ঠিক পিছতেই পুৱা প্ৰায় ৬ বজাত খালেদা জিয়াৰ মৃত্যু হয়। বিএনপিৰ সচিব প্ৰধান মিৰ্জা ফখৰুল ইছলাম আলমগীৰেও তেওঁৰ মৃত্যু নিশ্চিত কৰিছে।

দ্য ডেইলী ষ্টাৰৰ মতে, ২৩ নৱেম্বৰত এভাৰকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৮০ বছৰীয়া খালেদা জিয়াক। তেওঁ হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ সংক্ৰমণত আক্ৰান্ত আছিল আৰু নিউমোনিয়াৰ সৈতেও যুঁজি আছিল। উন্নত চিকিৎসা সেৱা লাভ কৰি চলিত বৰ্ষৰ ৬ মে’ত লণ্ডনৰ পৰা উভতি অহাৰ পিছৰে পৰা খালেদাই এভাৰকেয়াৰ হাস্পতালত নিয়মীয়াকৈ পৰীক্ষা কৰি আছে। খালেদাই ১৯৯১ চনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰি দেশৰ নেতৃত্ব গ্ৰহণ কৰিছিল ।

পুত্ৰ তাৰিক, পত্নী আৰু তেওঁলোকৰ ছোৱালীক এৰি থৈ গৈছিল। উল্লেখ্য যে ১৭ বছৰ নিৰ্বাসনৰ অন্তত ২৫ ডিচেম্বৰত বাংলাদেশলৈ উভতি আহিছিল তাৰিক ৰহমান। খালেদাৰ কনিষ্ঠ পুত্ৰ আৰাফাত ৰহমান কোকোৰ কিছু বছৰ পূৰ্বে মালয়েছিয়াত মৃত্যু হৈছিল। ২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীত দুৰ্নীতিৰ গোচৰত জেললৈ প্ৰেৰণ কৰা হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক। ক’ভিড-১৯ মহামাৰীৰ সময়ত তেওঁক ২৫ মাৰ্চ, ২০২০ তাৰিখে কিছু চৰ্তত অস্থায়ী মুক্তিৰ অনুমতি দিয়া হৈছিল। ১৯৪৫ চনত জলপাইগুৰিত জন্মগ্ৰহণ কৰা খালেদাই প্ৰথমে দিনাজপুৰ মিছনেৰী স্কুলত অধ্যয়ন কৰিছিল আৰু পিছলৈ ১৯৬০ চনত দিনাজপুৰ বালিকা বিদ্যালয়ৰ পৰা মেট্ৰিক সম্পূৰ্ণ কৰিছিল।

খালেদাৰ পিতৃ ইস্কন্দৰ মজুমদাৰ এজন ব্যৱসায়ী, আৰু মাক তয়াবা মজুমদাৰ আছিল এগৰাকী গৃহিণী। পুতুল নামেৰে পৰিচিত খালেদা তিনিগৰাকী ভগ্নী আৰু দুজন ভাতৃৰ ভিতৰত দ্বিতীয়। ১৯৬০ চনত পাকিস্তান সেনাবাহিনীৰ কেপ্তেইন জিয়া-উৰ-ৰহমানৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। জিয়াউৰ ৰহমানে বিদ্ৰোহ কৰি ১৯৭১ চনৰ মুক্তিযুদ্ধত অংশ লৈছিল। ১৯৮১ চনৰ ৩০ মে’ত ৰহমানক হত্যা কৰাৰ পিছত বিএনপি এক গুৰুতৰ সংকটত ডুব যায়। এই কঠিন সময়ত খালেদাই দলত যোগদান কৰি ১৯৮৪ চনৰ ১২ জানুৱাৰীত ইয়াৰ উপ-সভাপতি হয়। ১৯৮৪ চনৰ ১০ মে’ত সভানেত্ৰী নিৰ্বাচিত হয়।

খালেদা জিয়াৰ নেতৃত্বত বিএনপিয়ে ১৯৮৩ চনত স্থানীয় দলসমূহৰ মিত্ৰজোঁট গঠন কৰি এৰছাদৰ স্বৈৰাচাৰী চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰে। নিৰুৎসাহিত নহৈ খালেদাই এৰছাদৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিলে। ১৯৯১ চনৰ নিৰ্বাচনত বিএনপি একমাত্ৰ সংখ্যাগৰিষ্ঠ দল হিচাপে আত্মপ্ৰকাশ কৰে। একেৰাহে তিনিটা সংসদীয় নিৰ্বাচনত পাঁচখন আসনত প্ৰতিদ্বন্দ্বিতা কৰি খালেদাই আটাইকেইখন আসনত জয়লাভ কৰে। ১৯৯১ চনৰ ২০ মাৰ্চত খালেদাই বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

১৯৯৬ চনৰ ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত জয়ী হৈ খালেদা একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হয়। কিন্তু সকলো প্ৰধান বিৰোধী দলে নিৰ্বাচন বৰ্জন কৰে। বিৰোধীৰ দাবীৰ প্ৰতি সঁহাৰি জনাই তেতিয়াৰ চৰকাৰে সংবিধান সংশোধন কৰি সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰপেক্ষ তত্ত্বাৱধায়ক চৰকাৰৰ ব্যৱস্থা কৰে। ইয়াৰ পিছত সংসদ ভংগ কৰা হয় আৰু খালেদাই ১৯৯৬ চনৰ ৩০ মাৰ্চত কেয়াৰটেকাৰ চৰকাৰক ক্ষমতা অৰ্পণ কৰে। ১৯৯৬ চনৰ ১২ জুনত ন্যায়াধীশ মহম্মদ হাবিবুৰ ৰহমানৰ নেতৃত্বত কেয়াৰটেকাৰ চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিএনপি আৱামি লীগৰ হাতত পৰাস্ত হয়। খালেদাই ১৯৯৬-২০০১ চনৰ আৱামি লীগ চৰকাৰৰ কাৰ্যকালত জাতীয় সংসদত বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০০১ চনৰ ১ অক্টোবৰত ন্যায়াধীশ লতিফুৰ ৰহমানৰ নেতৃত্বত কেয়াৰটেকাৰ চৰকাৰৰ অধীনত অনুষ্ঠিত পৰৱৰ্তী সংসদীয় নিৰ্বাচনত বিএনপিৰ নেতৃত্বত চাৰিটা দলীয় মিত্ৰজোঁটে জাতীয় সংসদৰ দুই তৃতীয়াংশতকৈ অধিক আসন লাভ কৰে। ২০০১ চনৰ ১০ অক্টোবৰত খালেদাই তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ২০০৭ চনত যেতিয়া সামৰিক সমৰ্থিত কেয়াৰটেকাৰ চৰকাৰে ক্ষমতা দখল কৰে, তেতিয়া আৱামি লীগৰ সভাপতি শ্বেখ হাছিনাকে ধৰি আন কেইবাজনো ৰাজনৈতিক নেতাৰ সৈতে খালেদাক কাৰাগাৰত ভৰোৱা হয়। পিছত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি ২০০৮ চনৰ সংসদীয় নিৰ্বাচনত অংশগ্ৰহণ কৰিছিল যদিও দলটোৱে জয়লাভ কৰিব নোৱাৰিলে।

২০১৪ চনৰ সংসদীয় নিৰ্বাচনত বিএনপিয়ে বিৰত থকাৰ পিছত ১৯৯১ চনৰ পিছত প্ৰথমবাৰৰ বাবে দলটোক সংসদৰ পৰা বাহিৰ হৈ পৰে। ২০১৮ চনৰ ৮ ফেব্ৰুৱাৰীত ঢাকাৰ এখন বিশেষ আদালতে জিয়া অনাথ আশ্ৰম ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। সেই বছৰৰ ৩০ অক্টোবৰত উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি ১০ বছৰলৈ বৃদ্ধি কৰে। পিছত জিয়া চেৰিটেবল ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰতো দোষী সাব্যস্ত হয়।

ক’ভিড-১৯ মহামাৰীৰ সময়ত ২০২০ চনৰ ২৫ মাৰ্চত তদানীন্তন আৱামি লীগ চৰকাৰে কাৰ্যবাহী আদেশৰ জৰিয়তে খালেদাক সাময়িকভাৱে মুকলি কৰি দিছিল । তেওঁৰ শাস্তি স্থগিত ৰখা হৈছিল এই চৰ্তত যে তেওঁ নিজৰ গুলশান ঘৰতে থাকিব আৰু দেশ এৰি নাযায়। চলিত বৰ্ষৰ ৬ আগষ্টত সম্পূৰ্ণৰূপে মুকলি কৰি দিয়া হৈছিল বিএনপিৰ মুৰব্বীগৰাকীক।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

অহা বছৰ অৰ্থনৈতিক দিশত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ট্ৰাম্প প্ৰশাসন | BulletsIn
খাইবাৰ পাখতুনখোৱাৰ মুখ্যমন্ত্ৰী গণ্ডাপুৰৰ পাকিস্তান চৰকাৰক কটাক্ষ, কয়-বিজ্ঞপ্তিত অন্ত নপৰে সন্ত্ৰাসবাদ | BulletsIn
সুশীলা কাৰ্কিৰ অন্তৱৰ্তীকালীন চৰকাৰত তিনি মন্ত্ৰী চামিল
ওছমান হাদীৰ মৃত্যুত উতলিছে বাংলাদেশ, ডেৰ বছৰত তেওঁ হৈ পৰিছিল ছাত্ৰ আন্দোলনৰ নেতা
বাজেট অধিৱেশনত এদিনো ভাষণ দিব নোৱাৰা প্ৰধানমন্ত্ৰীক ভাষণ দিয়াৰ অনুমতি দিবলৈ বিৰোধী দলসমূহক সৈমানৰ চেষ্টা অব্যাহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্বেয়াৰ বজাৰত শক্তিশালী তালিকাভুক্ত হোৱাৰ পিছত গুজৰাটৰ কিডনীৰ শ্বেয়াৰ অৱনমিত
Next Article আজিৰে পৰা আৰ এছ এছৰ মুৰব্বী ড০ মোহন ভাগৱতৰ তিনিদিনীয়া ছত্তীশগড় ভ্ৰমণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?