বৰপেটা ২৯ ডিচেম্বৰ (হি.স.): বৰপেটাৰ খৰুৱাপাৰাত পাতিছে জুৱাৰ মেলা । বাণিজ্য মেলাৰ নামত জুৱাৰ বৃহৎ মেলা পাতি বিনষ্ট কৰিছে শৈক্ষিক, সামাজিক পৰিৱেশ।
খৰুৱাপাৰা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে পঞ্চম বাৰ্ষিক এই বাণিজ্য মেলা। বাণিজ্য মেলাখনত মঞ্চ আছে কিন্তু অতিথি নাই। পেণ্ডেল আছে কিন্তু নাই দৰ্শক। বহল পথাৰ আছে, কিন্তু নাই বাণিজ্যৰ বিপনী।আছে কেৱল জুৱাৰ বৃহৎ মেলা। চাউণ্ড চিষ্টেমো আছে কিন্তু, বজাইছে কেবল বিহাৰী-ভোজপুৰী, বাংলা আৰু হিন্দী গীত। নৱ প্ৰজন্মক ভাল শিক্ষা দিব পৰাকৈ মাইকৰ সন্মূখত নাই এজনো সুবক্তা। বাণিজ্য মেলাৰ কেৱল জুৱা খেল, জুৱা খেল আৰু জুৱা খেল। লাখে লাখে টকা নিমিষতে হৰা জিকা হৈ আছে এই জুৱাখেলত। একাংশক মেনেজ কৰি দিনে-নিশাই পাতিছে কেইবাখনো ঝাণ্ডি-মুণ্ডা। জুৱাৰ নেতৃত্বই বাণিজ্য মেলা উদযাপন সমিতিক দৈনিক দিব লাগে ৫০ /৭০ হাজাৰ টকা! সমাগত হাইস্কুল-হাই ছেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষা। তাৰ পিছতো কিছু টকাৰ খকত একাংশ সমাজ বিনষ্টকাৰীয়ে বাণিজ্য মেলাত চলাই গৈছে জুৱাৰ মেলা। এইক্ষেত্ৰত এই বাণিজ্য মেলাৰ পৰা নৱ প্ৰজন্মই কি শিকিব বুলি প্ৰশ্ন উত্থাপন হৈছে। বাণিজ্য মেলাৰ নামত এই জুৱা খেলৰ প্ৰতি জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হৈছে নে নাই বুলি সচেতন মহলৰ মাজত চৰ্চা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
