• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > বাংলাদেশৰ ছাত্ৰ নেতৃত্বাধীন সংগঠনৰ ভিতৰত গভীৰ বিভাজন, জামাতৰ সৈতে মিত্ৰতাক লৈ পদত্যাগ
International

বাংলাদেশৰ ছাত্ৰ নেতৃত্বাধীন সংগঠনৰ ভিতৰত গভীৰ বিভাজন, জামাতৰ সৈতে মিত্ৰতাক লৈ পদত্যাগ

CliQ INDIA
Last updated: December 28, 2025 6:55 pm
CliQ INDIA
Share
3 Min Read
SHARE

ঢাকা, ২৮ ডিচেম্বৰ (হি.স.)। বাংলাদেশত ফেব্ৰুৱাৰী মাহৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ সময়সীমাৰ মাত্ৰ এদিন পূৰ্বে ছাত্ৰ নেতৃত্বাধীন নেশ্যনেল চিটিজেনছ পাৰ্টিৰ ভিতৰত উল্লেখযোগ্য বিভাজনৰ সৃষ্টি হৈছে। জামাত-ই-ইছলামীৰ সৈতে মিত্ৰতা আৰু আসন ভাগ-বতৰাৰ ব্যৱস্থাক লৈ প্ৰতিবাদত দুই বিশিষ্ট নেতাই পদত্যাগ কৰিছে। আন কেইবাজনো অসন্তুষ্ট নেতাই শীঘ্ৰে সংগঠনটো এৰিব পাৰে বুলি চৰ্চা চলিছে। এই নেতাসকলে সংগঠনটোৰ আহ্বায়ক নাহিদ ইছলামলৈ পত্ৰ লিখি জামাতৰ সৈতে হোৱা মিত্ৰতাক বিশ্বাসঘাতকতা আৰু মতাদৰ্শৰ দুৰ্বলতা বুলি অভিহিত কৰিছে।

বাংলাদেশৰ আগশাৰীৰ কাকত ডেইলী ষ্টাৰৰ তথ্য অনুসৰি ছাত্ৰ আন্দোলনৰ পৰা ওলাই অহা ছাত্ৰ নেতৃত্বাধীন এন চি পিৰ জ্যেষ্ঠ যুটীয়া সম্পাদক তছনীম জাৰাই শনিবাৰে পদত্যাগ ঘোষণা কৰাৰ বিপৰীতে বৃহস্পতিবাৰে যুটীয়া সম্পাদক আৰ্ছাদুল হকে পদত্যাগ কৰে। বাতৰি অনুসৰি জামাত-ই-ইছলামীৰ সৈতে মিত্ৰতাক লৈ বিচলিত হোৱা আন কেইবাজনো অসন্তুষ্ট নেতাই অতি সোনকালে পদত্যাগ কৰিব পাৰে।

এই অসন্তুষ্ট নেতাসকলে সংগঠনটোৰ আহ্বায়ক নাহিদ ইছলামলৈ এখন পত্ৰ লিখি জামাত-ই-ইছলামীৰ সৈতে হোৱা মিত্ৰতাক তৃণমূল পৰ্যায়ৰ নেতাক বিশ্বাসঘাতকতা বুলি অভিহিত কৰি দলৰ মতাদৰ্শ দুৰ্বল হ’ব বুলি কয়। পত্ৰখনত কোৱা হৈছে যে, আমাৰ ভিত্তি হৈছে আমাৰ দলৰ উল্লেখিত মতাদৰ্শ, জুলাই বিদ্ৰোহৰ সৈতে জড়িত ঐতিহাসিক জবাবদিহিতা, আৰু গণতান্ত্ৰিক নৈতিকতাৰ মৌলিক প্ৰশ্ন।

জুলাই বিদ্ৰোহৰ কথা উল্লেখ কৰি পত্ৰখনত অভিযোগ কৰা হৈছে যে জামাত-ই-ইছলামী আৰু ইয়াৰ ছাত্ৰ শাখা ইছলামী ছাত্ৰ শিবিৰে বিভাজনমূলক ৰাজনীতি, অনুপ্ৰৱেশ, ভেঙুচালি, এনচিপিৰ বিৰুদ্ধে মিছা অভিযোগ, ছাত্ৰ সংঘৰ নিৰ্বাচনৰ সময়ত প্ৰচাৰ, মহিলা সদস্যৰ অনলাইন চৰিত্ৰ হত্যা আদিত লিপ্ত হৈছে। ১৯৭১ চনৰ স্বাধীনতা বিৰোধী ভূমিকা, গণহত্যাত জামাতৰ সহযোগিতা, যুদ্ধকালীন অপৰাধৰ ওপৰত জামাতৰ স্থিতি উল্লেখ কৰি পত্ৰখনত উল্লেখ কৰা হৈছে যে এইবোৰ বাংলাদেশৰ গণতান্ত্ৰিক বিবেক আৰু দলৰ মূল্যবোধৰ সৈতে মৌলিকভাৱে অসঙ্গতিপূৰ্ণ।

তেওঁলোকে উল্লেখ কৰে যে জামাত-ই-ইছলামীৰ সৈতে যিকোনো মিত্ৰতাই দলটোৰ নৈতিক স্থিতি দুৰ্বল কৰি তুলিব আৰু ইয়াৰ বিশ্বাসযোগ্যতাৰ ক্ষতি কৰিব। পত্ৰখনত নেতাসকলক সোঁৱৰাই দিয়া হৈছে যে তেওঁলোকে পূৰ্বে সংস্কাৰৰ বিষয়ত জামাতৰ দ্বৈত মানদণ্ডক সমালোচনা কৰিছিল।দলৰ আহ্বায়কলৈ লিখা এখন পত্ৰত এনচিপিৰ ৩০জন নেতাই লিখিছে, মধ্যপন্থী সমৰ্থক যদি গুচি যায় তেন্তে দলটোৱে কেন্দ্ৰীয়তাবাদী ভিত্তি হেৰুৱাব। ইয়াৰ ফলত এনচিপিৰ স্বতন্ত্ৰ ৰাজনৈতিক সামৰ্থ্যৰ ক্ষতি হ’ব। পত্ৰখনত জামাতৰ সৈতে যিকোনো মিত্ৰতাৰ বিৰুদ্ধে স্পষ্ট স্থিতিৰ আহ্বান জনোৱা হৈছে।

ছাত্ৰ নেতৃত্বাধীন এনচিপিয়ে প্ৰথমে বিগত দুমাহ ধৰি অকলে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুতি চলাইছিল যদিও ঢাকা-৮ৰ নিৰ্দলীয় প্ৰাৰ্থী তথা ইনকিলাব মঞ্চৰ মুখপাত্ৰ শ্বৰীফ ওছমান বিন হাদীক হত্যা কৰাৰ পিছতে স্থিতি সলনি কৰে। তেতিয়াৰ পৰাই এন চি পিৰ নেতা-কৰ্মীৰ মাজত নিৰাপত্তাজনিত চিন্তা বৃদ্ধি পোৱাৰ বিপৰীতে দলৰ ভিতৰৰ আন এটা শক্তিশালী ফৈদে অনুভৱ কৰিবলৈ লৈছে যে ৰাষ্ট্ৰীয় ৰাজনীতিত এন চি পিৰ স্থিতি শক্তিশালী কৰিবলৈ এটা বৃহৎ ৰাজনৈতিক শক্তিৰ সৈতে মিত্ৰতা প্ৰয়োজনীয়। ফলস্বৰূপে ই জামাত-ই-ইছলামীৰ সৈতে মিত্ৰতাৰ দিশত আগবাঢ়িছে।

কিন্তু জামাতৰ সৈতে মিত্ৰতা কৰাৰ চেষ্টাক লৈ দলৰ ভিতৰত তীব্ৰ আপত্তি আছে। সংগঠনটোৰ সৈতে জড়িত কেইবাগৰাকীও মহিলা নেতাইও ধৰ্মীয় দলৰ সৈতে মিত্ৰতাৰ প্ৰতি মুকলিকৈ মতানৈক্য প্ৰকাশ কৰিছে। এনচিপিয়ে এই মিত্ৰতা সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও জামাতৰ সৈতে আসন ভাগ-বতৰা আলোচনা চূড়ান্ত পৰ্যায়ত আছে বুলি চৰ্চা চলিছে, দলৰ নেতাসকলে পদত্যাগ ঘোষণা কৰিবলৈ আৰম্ভ কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পাকিস্তান ষ্টক এক্সচেঞ্জ ৩% বৃদ্ধি পায় আমেরিকা-ইরান শান্তি আলোচনাৰ আশায় বিনিয়োগকারীসকলৰ আস্থা বৃদ্ধি পায়
'ভাৰত-ত্ৰিনিদাদ আৰু ট'বেগোৰ দ্বিপাক্ষিক সম্পৰ্কত এক নতুন যুগৰ আৰম্ভণি'
ইছলামাবাদত প্ৰচণ্ড হুলস্থুলৰ মাজতে ডি-চ’কৰ পৰা পিছুৱাই গ’ল বুছৰা বিবি আৰু গণ্ডাপুৰ | BulletsIn
আস্থা ভোটত পৰাস্ত ফ্ৰান্সৰ মিচেল বাৰ্নিয়েৰ চৰকাৰ, ৰাষ্ট্ৰপতিৰ আজি দেশবাসীক সম্বোধন | BulletsIn
স্বল্পকালীন যুদ্ধ বিরতি: রাশিয়া আৰু ইউক্রেনে পূর্বীয় পাশ্চাত্য ঈস্টাৰ যুদ্ধবিরতির চুক্তিতে স্বাক্ষর করে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অলংকাৰ বজাৰত শক্তিশালী উত্থান, সোণ আৰু ৰূপৰ চমক
Next Article ইতিহাসৰ পাতত ২৯ ডিচেম্বৰ : ১৯৭৫ চনত ব্ৰিটেইনত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা আইন প্ৰণয়ন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?