গুৱাহাটী, ২৮ ডিছেম্বৰ (হি.স.)। অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আজি দেওবাৰে অসমলৈ আহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেওবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ব । কইনাধৰাত নিশাটো কটাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ সোমবাৰে পুৱা ১০.১৫ বজাত শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ যাব। শ্বহীদ স্মাৰকত গৃহমন্ত্ৰীয়ে জনাব শ্ৰদ্ধাঞ্জলি। তাৰ পিছত হেলিকপ্টাৰযোগে উপস্থিত হ’ব বটদ্ৰৱাত। নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব।
জানিব পৰামতে, ১১.৩০ বজাত অমিত শ্বাহে মুকলি কৰিব বৰদোৱা প্ৰকল্প। এই প্ৰকল্প মুকলি কৰাৰ পাছতে তেওঁ এক বিশাল জনসভা সম্বোধন কৰিব । ইফালে বিয়লি ২.৩০ বজাত গুৱাহাটীৰ মুকলি কৰিব নতুন আৰক্ষী আয়ুক্তৰ কাৰ্যালয়। আবেলি ৩.৩০ বজাত খানাপাৰাত জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ মুকলি কৰিব অমিত শ্বাহে। সন্ধিয়া পুনৰ দিল্লীলৈ উৰা মাৰিব অমিত শ্বাহে।
উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত স্থাপন কৰা এই প্রকল্পটোৱে সত্ৰখনক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। লগতে অমিত শ্বাহে গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্তালয় আৰু খানাপাৰাত নৱনিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰিব। পাঁচ হেজাৰ খন আসনযুক্ত এই প্রেক্ষাগৃহ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৃহৎ প্ৰেক্ষাগৃহ হিচাপে পৰিগণিত হোৱাৰ আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ২৯ ডিচেম্বৰৰ আয়োজিত এটা অনুষ্ঠানত প্ৰেক্ষাগৃহটো উদ্বোধন কৰিব ৷
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
