
ধুবুৰী, ২৮ ডিচেম্বৰ (হি.স.): বাংলাদেশক সমৰ্থন কৰি ৰঙা ঘৰৰ আলহী হৈছে এগৰাকী শিক্ষক । তামাৰহাট আৰক্ষীয়ে যোৱা কালি শনিবাৰে বিয়লি আটক কৰে বে-চৰকাৰী বিদ্যালয়ৰ শিক্ষক শাহেৰ আলী শেখক । শাহেৰ আলীৰ ঘৰ তামাৰহাটৰ ভাটিপেটলা গাঁৱত ।
শাহেৰ আলীয়ে দীৰ্ঘদিন ধৰি কাম কৰি আছিল এখন বে-চৰকাৰী বিদ্যালয়ৰ বুৰঞ্জী বিভাগত । শাহেৰ আলীয়ে সামাজিক মাধ্যমত ভাৰত বিৰোধী পোষ্টক জনাইছিল সমৰ্থন । ইতিমধ্যে তামাৰহাট আৰক্ষীয়ে শাহেৰ আলীক আটক কৰি ততাতিয়াকৈ প্ৰেৰণ কৰে ধুবুৰী কাৰাগাৰ লৈ । ভাৰতবৰ্ষত থাকি এটা চক্ৰই বাংলাদেশক সমৰ্থন কৰি থকা ঘটনা এটাৰ পিছত আনটো পোহৰ লৈ আহিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
