• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জেন জি আৰু জেনেৰেল আলফাই হৈছে ভাৰতক ‘উন্নত ভাৰত’ৰ লক্ষ্যলৈ লৈ যোৱা প্ৰজন্ম : প্ৰধানমন্ত্ৰী
National

জেন জি আৰু জেনেৰেল আলফাই হৈছে ভাৰতক ‘উন্নত ভাৰত’ৰ লক্ষ্যলৈ লৈ যোৱা প্ৰজন্ম : প্ৰধানমন্ত্ৰী

CliQ INDIA
Last updated: December 27, 2025 6:25 am
CliQ INDIA
Share
4 Min Read
SHARE

নতুন দিল্লী, ২৬ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বীৰ বালক দিৱাস উপলক্ষে কয় যে ১৯৯৭ চনৰ পৰা ২০১২ চনৰ ভিতৰত জন্ম হোৱা ডিজিটেলভাৱে সক্ষম যুৱ প্ৰজন্ম জেন জি আৰু জেন আলফা অৰ্থাত ২০১৩ চনৰ পিছত জন্ম হোৱা টেক-কেন্দ্ৰিক শিশুই ভাৰতক উন্নত ভাৰতৰ লক্ষ্যলৈ লৈ যাব।

ভাৰত মণ্ডপমত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে জেনেৰেল জি আৰু জেনেৰেল আলফা হৈছে সেই প্ৰজন্ম যিয়ে ভাৰতক ‘উন্নত ভাৰত’ৰ লক্ষ্যলৈ লৈ যাব। তেওঁ কয় যে তেওঁ যুৱক-যুৱতীসকলৰ সম্ভাৱনা, আত্মবিশ্বাস, শক্তি বুজি পায় আৰু সেয়েহে তেওঁলোকৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বয়স নহয়, কৰ্ম আৰু কৃতিত্বইহে মানুহক মহান কৰি তোলে, আৰু কম বয়সতো এনে কাম সাধন কৰিব পাৰি যিয়ে সমগ্ৰ সমাজখনকে অনুপ্ৰাণিত কৰে।

ভাষণত প্ৰধানমন্ত্ৰীয়ে সাহসী চাহিবজাদাসকলৰ অদম্য সাহস আৰু ত্যাগক স্মৰণ কৰি কয় যে পথটো কিমান কঠিন সেইটো তেওঁলোকে নাচালে, কেৱল সেয়া সঠিক নে নহয় সেয়াহে লক্ষ্য কৰিলে। এই একেই মনোভাৱ আজি ভাৰতৰ যুৱক-যুৱতীসকলৰ পৰাও আশা কৰা হৈছে— ডাঙৰ সপোন দেখা, কঠোৰ পৰিশ্ৰম কৰা, নিজৰ আত্মবিশ্বাসত কেতিয়াও দোদুল্যমান নহয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সন্তান আৰু যুৱক-যুৱতীসকলৰ উজ্জ্বল ভৱিষ্যত থাকিলেহে ভাৰতৰ ভৱিষ্যত উজ্জ্বল হ’ব। তেওঁলোকৰ সাহস, প্ৰতিভা, সমৰ্পণে দেশৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰিব। আজি সমগ্ৰ দেশৰ লাখ লাখ শিশুৱে অটল টিংকাৰিং লেবৰ জৰিয়তে উদ্ভাৱন, গৱেষণা, ৰবটিক্স, কৃত্ৰিম বুদ্ধিমত্তা, বহনক্ষমতা, আৰু ডিজাইন চিন্তাধাৰাত লিপ্ত হৈছে। তদুপৰি ৰাষ্ট্ৰীয় শিক্ষা নীতিত মাতৃভাষাত শিক্ষাৰ বিকল্পই শিশুৰ শিক্ষণ সহজ কৰি তুলিছে।

দাসত্বৰ মানসিকতাক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চাহিবজাদাৰ কাহিনী দেশৰ প্ৰতিজন নাগৰিকৰ ওঁঠত থাকিব লাগিছিল, কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পিছতো দেশে এই মানসিকতাৰ পৰা নিজকে সম্পূৰ্ণৰূপে মুক্ত কৰিব পৰা নাই। তেওঁ কয় যে ১৮৩৫ চনত মকাউলেই ৰোপণ কৰা দাসত্বৰ বীজে ভাৰতৰ বহু সত্যক দমন কৰিছিল। এতিয়া দেশে এই মানসিকতাৰ পৰা নিজকে মুক্ত কৰাৰ সিদ্ধান্ত লৈছে। তেওঁ কয় যে ২০৩৫ চনৰ ভিতৰত যেতিয়া মাক’লেৰ চিন্তাধাৰাই ২০০ বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া আমি দাসত্বৰ মানসিকতাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব লাগিব—এয়া ১৪ কোটি ভাৰতীয়ৰ উমৈহতীয়া সংকল্প হ’ব লাগে।

শেহতীয়া শীতকালীন অধিৱেশনৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে হিন্দী আৰু ইংৰাজীৰ উপৰিও সংসদত ভাৰতীয় ভাষাত প্ৰায় ১৬০টা ভাষণ প্ৰদান কৰা হৈছে, য’ত তামিল, মাৰাঠী, আৰু বাংলা ভাষা আটাইতকৈ উল্লেখযোগ্য। তেওঁ কয় যে এই দৃশ্য বিশ্বৰ কোনো সংসদত বিৰল আৰু ভাৰতৰ ভাষিক বৈচিত্ৰ্যৰ শক্তিক প্ৰতিফলিত কৰে। মকাউলে যি বৈচিত্ৰ্য দমন কৰিবলৈ চেষ্টা কৰিছিল, সেই বৈচিত্ৰ্য আজি ভাৰতৰ শক্তি হৈ পৰিছে।

সাহসী চাহিবজাদাৰ ত্যাগক স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ঔৰংজেবৰ নিৰ্মম শাসনৰ সন্মুখতো চাৰিওটা চাহিবজাদা অটল হৈ আছে। এই সংগ্ৰাম আছিল ভাৰতীয় মূল্যবোধ আৰু ধৰ্মীয় উন্মাদনাৰ মাজত, সত্য আৰু মিছাৰ মাজত। গুৰু গোবিন্দ সিংহ জী আছিল যজ্ঞ আৰু তপস্যাৰ মূৰ্তি, আৰু সেই উত্তৰাধিকাৰ চাহিবজাদাসকলে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। সেয়েহে সমগ্ৰ মোগল শক্তিয়েও তেওঁলোকৰ সাহস কঁপাই দিব নোৱাৰিলে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বীৰ বালক দিৱস আৱেগ আৰু শ্ৰদ্ধাৰে ভৰা দিন। বিগত চাৰিটা বছৰে বীৰ বালক দিৱসৰ পৰম্পৰাই নতুন প্ৰজন্মৰ মাজলৈ চাহিবজাদাৰ প্ৰেৰণা প্ৰদান কৰাৰ লগতে শিশুসকলক ৰাষ্ট্ৰৰ সেৱাৰ বাবে এক মঞ্চ প্ৰদান কৰি আহিছে। প্ৰতি বছৰে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা শিশুসকলক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰা হয়; এইবাৰো দেশৰ বিভিন্ন প্ৰান্তৰ ২০ টা শিশুক এই সন্মান প্ৰদান কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক হ্ৰস্বম্যাদী জনপ্ৰিয়তাৰ গ্লেমাৰত আবদ্ধ হৈ নাথাকিবলৈ, মহান ব্যক্তিত্বৰ পৰা প্ৰেৰণা ল’বলৈ, তেওঁলোকৰ সফলতাক কেৱল ব্যক্তিগত বুলি নাভাবিবলৈ আহ্বান জনায়। তেওঁলোকৰ লক্ষ্য হ’ব লাগে তেওঁলোকৰ সফলতাক ৰাষ্ট্ৰৰ সফলতা হিচাপে গঢ়ি তোলা। ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, আৰু খেলো ইণ্ডিয়াৰ দৰে অভিযানে যুৱক-যুৱতীসকলৰ বাবে এক মঞ্চ প্ৰদান কৰিছে। এতিয়া প্ৰয়োজন হৈছে মনোনিৱেশ, কঠোৰ পৰিশ্ৰম আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ—যাতে ভাৰতে স্বাৱলম্বী আৰু উন্নত ৰাষ্ট্ৰ হিচাপে আগবাঢ়িব পাৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা সংঘাতক লৈ উদ্বেগ প্ৰকাশ প্ৰতিৰক্ষা মন্ত্ৰীৰ
কুনো ৰাষ্ট্ৰীয় উদ্যানত দুটা চিতা পোৱালিৰ মৃত্যু | BulletsIn
সাহিত্য অকাডেমী বঁটা ২০২৩ ঘোষণা, অসমীয়াত প্ৰণৱজ্যোতি ডেকা, বড়োত নন্দেশ্বৰ দৈমাৰীলৈ বঁটা
বৃহস্পতিবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদসকলৰ বাবে বিজেপিয়ে জাৰি কৰিলে হুইপ | BulletsIn
ভাৰতীয় নৌসেনাৰ সামুদ্ৰিক সেৱাত অন্তৰ্ভুক্ত হ’ব ‘প্ৰাচীন হস্তনিৰ্মিত জাহাজ’ | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰ সম্প্ৰসাৰণ, বালানন্দ শৰ্মা মন্ত্ৰী নিযুক্ত
Next Article তামুলপুৰ জিলাৰ চেঁচাপানীত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত সজাগতামূলক সভা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?