
ঢাকা, ২৫ ডিচেম্বৰ (হি.স.)। বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান ১৭ বছৰৰ অন্তত পত্নী আৰু কন্যাৰ সৈতে আজি লণ্ডনৰ পৰা ঘৰলৈ আহিল।
তেওঁলোকক লৈ যোৱা বিমান বাংলাদেশ এয়াৰলাইন্সৰ বিমান বিজি ২০২ বিমানে পুৱা প্ৰায় ১১:৪২ বজাত হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। বিমানখন চিলেটত এঘণ্টাৰো অধিক সময় ৰৈ ঢাকা অভিমুখে ৰাওনা হয়। বিএনপিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তাৰিক ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
দ্য ডেইলী ষ্টাৰ কাকতত প্ৰকাশিত বাতৰি অনুসৰি তাৰিকে খালী ভৰিৰে বিমানখনৰ পৰা নামিছিল। তাৰ পিছত তেওঁ এমুঠি মাটি তুলি ল’লে। তাৰিক ৰহমান, তেওঁৰ পত্নী জুবাইদা ৰহমান আৰু কন্যা জাইমা ৰহমানক বিমানবন্দৰত আদৰণি জনায় বিএনপিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুল ইছলাম আলমগীৰ আৰু স্থায়ী সমিতিৰ সদস্য চালাহুদ্দিন আহমেদে। পুৱা ১১:৫৬ বজাত বিমানবন্দৰৰ ভিআইপি লাউঞ্জত পৰিয়ালটোক আদৰণি জনায় তাৰিকৰ শাহুৱেক আৰু খুলশালীয়েকে। আদৰণিৰ পিছতে তাৰিক আৰু তেওঁৰ পৰিয়ালক কঠোৰ নিৰাপত্তাৰ অধীনত ১২:৩৩ বজাত বিমানবন্দৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হয়।
পুৱা প্ৰায় ৯:৩০ বজাত তাৰিকে নিজৰ ফেচবুক প্ৰফাইলত লিখিছে, বাংলাদেশৰ আকাশত ৬,৩১৪টা দীঘলীয়া দিনৰ পিছত। তেওঁ লিখিছে যে বিমানখন পুৱা ১১:৫০ বজাত হজৰত শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল। তাৰিক আৰু পৰিয়ালৰ লোকৰ বাবে বিমানবন্দৰত বুলেটপ্ৰুফ বাছৰ ব্যৱস্থা কৰা হৈছিল। বিশেষভাৱে ডিজাইন কৰা এই বাছখনৰ ৰং ৰঙা আৰু সেউজীয়া। খালেদা জিয়া, তাৰিক ৰহমান, আৰু দলৰ প্ৰতিষ্ঠাপক জিয়াউৰ ৰহমানৰ ডাঙৰ ডাঙৰ ছবিয়ে ইয়াৰ কাষবোৰ শোভা পায়। বাহনখনত গণতন্ত্ৰ আৰু ৰাজনৈতিক সংগ্ৰামৰ ওপৰত আলোকপাত কৰা শ্লোগানো আছে। কটকটীয়া নিৰাপত্তাৰ মাজতে এই বাছতেই বিমানবন্দৰৰ পৰা ওলাই যায় তাৰিক।
আজি তাৰিকে অসুস্থ মাতৃক লগ কৰিবলৈ এভাৰ কেয়াৰ হাস্পতাললৈ যাত্ৰা কৰিব। বুধবাৰে নিশা বাংলাদেশৰ সময় অনুসৰি প্ৰায় ১২:৩০ বজাত লণ্ডনৰ হিথ্ৰ’ বিমানবন্দৰৰ পৰা ঢাকা অভিমুখে ৰাওনা হয় তাৰিক ৰহমানৰ বিমানখন। প্ৰায় ৫০ জন দলীয় নেতা-কৰ্মীও তেওঁৰ সৈতে বাংলাদেশলৈ উভতি আহে।
প্ৰথম আলোৰ এক প্ৰতিবেদন অনুসৰি তাৰিক পত্নী জুবাইদা আৰু কন্যাৰ সৈতে গুলছান এভিনিউৰ ১৯৬ নং হাউচত উপস্থিত হয়। তিনিওজনে উপস্থিত ৰাইজক হাত জোকাৰিলে। খালেদা জিয়াৰ ঘৰ (ফিৰোজা)ৰ লগত সংলগ্ন ১৯৬ নং ঘৰ। তাত আৰক্ষী, সীমান্তৰক্ষী বাংলাদেশ, আৰু ৰেপিড একচন বেটেলিয়নৰ জোৱান নিয়োগ কৰা হৈছিল। ইফালে বিএনপিৰ নেতা-কৰ্মীসকলে পথৰ দুয়োকাষে প্লেকাৰ্ড, বেনাৰ, ফুল লৈ থিয় হৈ তাৰিক ৰহমানক স্বাগতম আৰু জাতিৰ নেতাক স্বাগতম আদি শ্লোগানেৰে উত্তাল কৰি তোলে। তাৰিক ৰহমানে অন্তৱৰ্তীকালীন চৰকাৰৰ নেতা অধ্যাপক মহম্মদ ইউনুছৰ সৈতে টেলিফোনযোগে চমুকৈ বাৰ্তালাপ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
