
হোজাই। ২৫ ডিচেম্বৰ (হি.স.): বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ মাজতে লংকাত যোৱা কালি বুধবাৰে সন্ধিয়া বাংলাদেশৰ মৌলবাদীৰ বিৰুদ্ধে হোজাই জিলাৰ কংগ্ৰেছে কেণ্ডেল মাৰ্চ বাহিৰ কৰে।
বাংলাদেশত অতি নিৰ্দয়ভাৱে হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ হত্যাৰ প্ৰতিবাদত কংগ্ৰেছ দলে চহৰখনত থকা ৰাজীৱ ভৱনত সাৱ্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে হিন্দু হত্যা বন্ধ কৰক, হত্যাকাৰীক ধিক্কাৰ দিয়াৰ লগতে কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনায় প্ৰতিবাদ কাৰীসকলেয়ে। যদি এই হত্যাৰ বিৰুদ্ধে ভাৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেনে হলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
