
কোকৰাঝাৰ, ২৫ ডিচেম্বৰ (হি.স.): অলপতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত মৌলবাদী জনতাই ধৰ্ম অৱমাননাৰ ভূৱা অভিযোগ জাপি এগৰাকী হিন্দু যুৱক দিপু চন্দ্ৰ দাসক নৃশংসভাবে হত্যাৰ কৰাৰ প্ৰতিবাদত যোৱা কালি বুধবাৰে সন্ধিয়া গোসাইগাঁৱত সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত আৰু আক্ৰাছু, আমছু, এবিএমছুৰ সহযোগত প্ৰতিবাদ সাৱ্যস্ত কৰা হয় ৷
প্ৰতিবাদকাৰী সকলে গোসাইগাঁও চাৰিআলীত ৰাজপথত বাংলাদেশৰ অন্তবৰ্তী কালৰ মুখ্য উপদেষ্টা মোঃ ইউনুছৰ পুত্তলিকা দাহ কৰি বাংলাদেশ গো বেগ, মোঃ ইউনুছ মুৰ্দাবাদ, বাংলাদেশৰ সংখ্যালঘু হিন্দু সকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, মৌলবাদী শক্তি নিপাত যাওক আদি শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে । জিলা সভাপতি সজল সাহাই বাংলাদেশ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি হিন্দু সকলৰ ওপৰত চলি থকা হত্যা হিংসা আদি নিৰ্যাতন বন্ধ কৰিবলৈ দাবী জনাই ভাৰত চৰকাৰক হস্তক্ষেপ কৰিবলৈ দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
