যোৰহাট, ২৩ ডিচেম্বৰ (হি.স.)। তিতাবৰৰ বৰহোলাত অনুষ্ঠিত শিশু ভাওনা সমাৰোহৰ দ্বিতীয় নিশা অগণন দৰ্শকৰ উপস্থিতি দেখিবলৈ পোৱা যায়।
নিশা ভাওনাস্থলীত উপস্থিত বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি সুভাষ দত্ত।
বৰহোলাত ২১ ডিচেম্বৰৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক শিশু ভাওনা সমাৰোহ।
দ্বিতীয় নিশা অগণন দৰ্শকৰ উপস্থিতিত প্ৰদৰ্শিত হয় দুখনকৈ ভাওনা। দৰ্শকৰ উপস্থিতিয়ে উৎসাহিত কৰি তোলে আয়োজকসকল।
চৰাইদেউ আৰু যোৰহাট নকছাৰীৰ পৰা অহা দুটাকৈ দলে পৰিৱেশন কৰে ভাওনা। নিশা ভাওনা স্থালীত উপস্থিত হয় বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ ৰাজ্যিক সভাপতি সুভাষ দত্ত আৰু ঠেঙাল কছাৰী পৰিষদৰ অধ্যক্ষ প্ৰতাপ কছাৰী। ৯ দিনীয়া কাৰ্যসূচীৰ সফলতা কামনা কৰে সুভাষ দত্তই।
ভাওনাৰ আটাইকেইটা দিনত অঞ্চলটোৰ সকলো ৰাইজক ভাওনা উপভোগৰ বাবে আহ্বান জনাইছে উদযাপন সমিতিৰ মুখ্য সম্পাদক দেৱজিৎ সোণোৱালে l
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
