
কোকৰাঝাৰ, ২৩ ডিচেম্বৰ (হি.স.)। বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে অসমত প্ৰতিবাদ অব্য়াহত আছে। বাংলাদেশৰ দীপু চন্দ্র দাস নামৰ লোকজনক বাংলাদেশী মৌলবাদীয়ে অকথ্য নির্যাতন চলাই হত্যা কৰাৰ প্ৰতিবাদত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ চাৰিআলিত প্ৰাক্তন বাঙালী জনমুক্তি বাহিনী, সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত সোমবাৰে শ্ৰীৰামপুৰত তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰা হয়।
প্ৰতিবাদীসকলে যোৱা কালি সোমবাৰে বিয়লি বাংলাদেশৰ মূখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বাঙালী সংগঠনৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদকাৰী সকলে বাংলাদেশ চৰকাৰ হায় হায়, বাংলাদেশ চৰকাৰ গো-বেক, ইউনুছ মুৰ্দাবাদ, হিন্দু বিৰোধী হুছিয়াৰ বিভিন্ন শ্লোগান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
