কেৱল ধৰ্মৰ নামত উন্মাদ, মিঞাৰ নাথাকে ভাষা-সংস্কৃতি ঃ ৰাজ্যিক বিজেপি
গুৱাহাটী, ২২ ডিচেম্বৰ (হি.স.)। “মিঞা মুছলমানৰ বাবে ভাষা, সংস্কৃতি বুলি বেলেগ আন কোনো ধাৰণা নাই৷ তেওঁলোকৰ বাবে ধৰ্মই শেষ কথা৷ ধৰ্মৰ নামত যিকোনো পৰ্যায়ৰ অধৰ্ম কৰিবলৈ এই লোকসকল সকলো সময়তেই সাজু থাকে৷ শেহতীয়াকৈ বাংলাদেশৰ মৈমনচিং জিলাৰ ভালুকাত সংঘটিত হোৱা দীপু চন্দ্ৰ দাসক জীৱন্তে জ্বলাই দিয়াৰ ঘটনা নাইবা অসম আন্দোলনৰ সময়ত অবিভক্ত নগাঁও জিলাৰ বিভিন্ন স্থানত, মঙ্গলদৈৰ গৰুখুটি, ধলপুৰ, ধূলা আদিত সংঘটিত হোৱা অসমীয়া মানুহৰ লোমহৰ্ষক হত্যাকাণ্ড, তেজপুৰৰ লালেটাপুত মিঞা মুছলমানে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰা নিৰ্মম ঘটনাৱলী সকলোবোৰ সদৃশ ঘটনা৷
১৯৮৩ চনত মাছ মৰা জালেৰে মেৰিয়াই লৈ দৰং জিলাৰ গৰুখুটি-ধলপুৰত দাৰে ঘপিয়াই ঘপিয়াই দয়ানাথ শৰ্মাহঁতক হত্যা কৰা হৈছিল৷ ঠিক একেদৰে ১৯৮৩ চনৰ ২০ মাৰ্চৰ দিনা তেজপুৰৰ লালেটাপুত ভূপেন ডেকা, প্ৰসন্ন বৰুৱা, বলিন নাথ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, বীৰেণ মিশ্ৰ আৰু পলাশ ৰাজবংশীক মিঞা মুছলমানে প্ৰথমে দাৰে ঘপিয়াই আহত কৰাৰ পিছত ৰত্তাক্ত শৰীৰত শুকান জলকীয়াৰ গুৰি চটিয়াই দি তিল তিলকৈ হত্যা কৰিছিল৷ জুয়ে পুৰা তিৰাশীৰ এই নিৰ্মম হত্যাকাণ্ড সমূহ মাত্ৰ এসপ্তাহ আগতে বাংলাদেশৰ ভালুকাত সংঘটিত হোৱা দীপু চন্দ্ৰ দাস হত্যাকাণ্ডতকৈ কোনো কাৰণতেই কম নিৰ্মম নাছিল৷ সেয়ে কওঁ মিঞা মুছলমানৰ বাবে ধৰ্ম প্ৰথম৷ তেওঁলোকে ভাষা, সংস্কৃতি আদি একোকে কেতিয়াও প্ৰাধান্য নিদিয়ে৷ নিজৰ ধৰ্ম স্থাপনৰ বাবে ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰাৰ জৰিয়তে মিঞাই কাফেৰ বুলি কৈ অন্যপন্থৰ মানুহক নিৰ্মমভাৱে হত্যা কৰাটো তেনেই স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰান্তে প্ৰান্তে এনে ঘটনা সদায় ঘটি আহিছে৷ ছয় বছৰীয়া অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত অসমত মিঞা মুছলমানে সংঘটিত কৰা ঘটনাই হওঁক নাইবা বাংলাদেশৰ দীপু চন্দ্ৰ দাস হত্যাকাণ্ডই হওঁক সকলোবোৰ অমানবীয় কাৰ্যৰ আৰত মিঞাৰ উদ্দেশ্য এটাই আছিল, সেয়া হ’ল আগ্ৰাসন আৰু আধিপত্য”– এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ৷
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি দলৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই লগতে কয় যে, জনসংখ্যা বিস্ফোৰেণেৰে ৰাজনৈতিক আধিপত্য স্থাপন কৰাৰ পিছত মিঞা মুছলমানে অন্য ধৰ্মৰ লোকৰ ওপৰত নিৰ্মম অত্যাচাৰ নমাই আনে৷ বাংলাদেশৰ হিন্দু মুছলমান দুয়োটা ধৰ্মালম্বী লোকৰে মাতৃভাষা বাংলা৷ তেওঁলোকৰ সংস্কৃতি বঙালী কিন্তু ধৰ্ম একে নহয়৷ সেয়েহে সংখ্যাগৰিষ্ঠ ইছলামধৰ্মী লোকে সংখ্যালঘু হিন্দুসকলক অৱৰ্ণনীয অত্যাচাৰ কৰি ধৰ্মান্তৰণ কৰি আহিছে৷ দীপু চন্দ্ৰ দাসৰ ঘটনা মিঞা মুছলমানৰ মানসিকতাৰ এটা উদাহৰণ মাত্ৰ বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ শ্ৰীশৰ্মাই বৰ্ণনা কৰে৷ উল্লেখযোগ্য যে, সংবাদ মাধ্যমক সম্বোধন কৰা সময়ত ৰাজ্যিক বিজেপিৰ পেনেলিষ্ট প্ৰিয়ংকা তামুলী আৰু গীতাৰ্থ বৰা উপস্থিত আছিল৷
বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ বাবে জামাত-ই-ইছলামী নামৰ মৌলবাদী সংগঠন আৰু এই সংগঠনে পৰিচালনা কৰা ১ লাখতকৈও অধিক কৌমি মাদ্ৰাছা প্ৰত্যক্ষভাৱে জড়িত বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে৷ অৰ্থাৎ মাদ্ৰাছা আৰু মাদ্ৰাছাত শিক্ষা গ্ৰহণ কৰা সকল মানৱীয় সভ্যতাৰ শত্ৰুলৈ ৰূপান্তৰিত হয়৷ আমাৰ অসমৰ চৰ-চাপৰিত গোপনে শ শ কৌমি মাদ্ৰাছা গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি শ্ৰীশৰ্মাই লগতে কয় যে, বাংলাদেশৰ জামাত-ই- ইছলামী আৰু পাকিস্তানৰ হাক্কানী নেটৱৰ্কে পৰিচালনা কৰা মাদ্ৰাছা সমূহৰ পাঠ্যক্ৰমৰ সৈতে অসমৰ চৰ-চাপৰিত থকা কৌমি মাদ্ৰাছাৰ পাঠ্যক্ৰমৰ বিশেষ কোনো পাৰ্থক্য নাই৷ এনে মাদ্ৰাছাসমূহ সাধাৰণতে শ্বৰীয়তৰ মতে পৰিচালিত হয়৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
