শ্বিলং, ২১ ডিচেম্বৰ(হি.স.)। মেঘালয়ত সংঘটিত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে। মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমছুং অঞ্চলত থকা ধৰ কনষ্ট্ৰাকছন কোম্পানী চৌহদত সংঘটিত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত আছিল যুৱক দুজন।
বিস্ফোৰণটো সংঘটিত হোৱাৰ ফলত কোম্পানীটোৰ পানী সৰবৰাহ কৰা এখন টেংকাৰৰ ব্যাপক ক্ষতি সাধন হৈছিল। লুমছুং আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰণৰ সৈতে জৰিত থকাৰ অভিযোগত দুজন যুৱকক গ্ৰেপ্তাৰ কৰিব সক্ষম হয়। ধৃত অভিযুক্ত দুজনক ৰিচাৰ্ড ছুছেন আৰু পিনচাইট বৰ ছিহ বুলি আৰক্ষী জানিব দিছে। দুয়োজনে ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ ছিমপ্লং গাঁৱৰ বাসিন্দা বুলি আৰক্ষীৰ আগত চিকাৰোক্তি দিছে। ধৃত ব্যক্তি দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আই ই ডি বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড তথা নিষিদ্ধ উগ্ৰপন্থী সংগঠন এইছ এন নোৰ দুৰ্ধৰ্ষ কেডাৰ স্মিকী টংপাৰৰ ঘৰৰ পৰা বুজণ পৰিমাণৰ বিস্ফোৰক আৰু এটা ৰাইফল জব্দ কৰে।
ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে সদৰী কৰা অনুসৰি, উগ্ৰপন্থীজনৰ জিম্মাৰ পৰা আৰক্ষীয়ে এটা দিশীয় নিৰ্মিত ৰাইফল, ৫ডাল চেফটি ফিউজ,৩ ডাল ডিটনেটৰ,৬ টা খালী ডিটনেটৰৰ কেপ,কিছু গান পাউডাৰ,৮২ ডাল সৰু স্প্লিল্টাৰসহ অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰিব সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
