ঢাকা, ১৯ ডিচেম্বৰ (হি.স.)। বাংলাদেশৰ জন আন্দোলনৰ নেতা ওছমান হাদীৰ মৃত্যুৰ পাছত দেশখনৰ পৰিস্থিতি উত্তেজনাময় হৈ আছে ৷ কেইবাটাও অঞ্চলৰ পৰা হিংসা, অগ্নিসংযোগ, আক্ৰমণৰ খবৰ ওলাইছে। ইফালে খুলনাত বৃহস্পতিবাৰে নিশা দুষ্কৃতিকাৰীয়ে এজন সাংবাদিকক গুলীয়াই হত্যা কৰাৰ বিপৰীতে এজন পশু চিকিৎসক গুৰুতৰভাৱে আহত হয়।
নিহত সাংবাদিকজনৰ নাম ইমদাদুল হক মিলন। খবৰ অনুসৰি তেওঁ শালুৱা প্ৰেছ ক্লাবৰ সভাপতি আৰু অনলাইন নিউজ পৰ্টেল খুলনা বৰ্তমান সময়ৰ সৈতে জড়িত আছিল। ঘটনাত আহত পশু চিকিৎসকৰ নাম দেৱাশীষ বিশ্বাস।
আৰক্ষীৰ মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯:৩০ বজাত আদাংঘাটা থানা এলেকাৰ শালুৱা বজাৰ অঞ্চলত সংঘটিত হয় এই ঘটনা। আদাংঘাটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বাহজাহান আহমেদে জানিবলৈ দিয়া মতে, সাংবাদিক ইমদাদুল হক মিলন আৰু পশু চিকিৎসক দেবাশীষ বিশ্বাস এটা চাহ দোকানত বহি আছিল। ঠিক সেই মুহূৰ্ততে আক্ৰমণকাৰীয়ে দুয়োকে লক্ষ্য কৰি বাৰে বাৰে গুলীচালনা কৰে।
গুলীবিদ্ধ হোৱাৰ পিছত দুয়োকে সংকটজনক অৱস্থাত খুলনা মেডিকেল কলেজ এণ্ড হস্পিতাললৈ লৈ যোৱা হয়, য’ত চিকিৎসকে সাংবাদিক ইমদাদুল হক মিলানক মৃত ঘোষণা কৰে। ইফালে, দেৱাশীষ বিশ্বাসক অস্ত্ৰোপচাৰ বিভাগত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
মানুহে কয় যে ইমদাদুল হক মিলন অঞ্চলটোৰ এজন সক্ৰিয় সাংবাদিক হিচাপে পৰিচিত আছিল। এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্যৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনাৰ পিছৰে পৰা অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
